প্ৰিয় পোহনীয়া জন্তুবোৰ কোনো কাৰণতে মানুহতকৈ কম নহয়। কোৱা বাহুল্য যে এনে পোহনীয়া জন্তুৰ মৃত্যু অত্যন্ত দুখজনক। এইবাৰ এটা পোহনীয়া কুকুৰৰ মৃত্যুৰ বাবে সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।
এই ঘটনা সংঘটিত হ’ল হাৰিয়ানাত। নিজৰ মৰমৰ পোহনীয়া কুকুৰটোক হেৰুৱাৰ দুখত চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি কিছুদিন তেওঁলোকৰ ঘৰত এটা পোহনীয়া কুকুৰৰ মৃত্যু হৈছিল। ১২ বছৰীয়া নাবালিকাগৰাকীয়ে এই ঘটনাৰ শোক সহ্য কৰিব নোৱাৰিলে। যাৰ বাবে তেওঁ ডিঙিত ৰছী লৈ আত্মহত্যা কৰে।
নাবালিকাগৰাকীৰ পৰিয়ালৰ মতে, কুকুৰটোৰ মৃত্যুৰ বাবে কিছুদিন হতাশ হৈ আছিল নাবালিকাগৰাকী। কিন্তু নাবালিকাগৰাকীয়ে তাৰ বাবে যে এনে সিদ্ধান্ত ল’ব পাৰিব, সেই কথা কোনেও কল্পনা কৰিবও পৰা নাছিল।
পৰিয়ালটোৱে দাবী কৰা মতে, ৩ মাহ পূৰ্বে নাবালিকাগৰাকীয়ে এটা কুকুৰ পোৱালি ঘৰলৈ লৈ আহিছিল। কিন্তু পাঁচদিন আগতে কেনেবাকৈ কুকুৰটোৰ মৃত্যু হৈছিল। মৰমৰ কুকুৰ পোৱালিটোৰ মৃত্যুৰ পিছতে তাই শোকত ভাগি পৰে। আনকি খোৱা-বোৱাও বন্ধ কৰি দিয়ে।
অৱশেষত শনিবাৰে সন্ধিয়া নাবালিকাগৰাকীৰ মাতৃ আৰু ভগ্নীয়ে কিছু অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ যোৱাৰ সময়তে তাই আত্মহত্যা কৰে।
নাবালিকাগৰাকীৰ মাতৃয়ে দাবী কৰে, ‘মোৰ ছোৱালীয়ে কুকুৰটোক বৰ ভাল পাইছিল। শনিবাৰে শাক-পাচলি কিনিবলৈ বজাৰলৈ যোৱাৰ পিছত ওচৰ-চুবুৰীয়াই মোক ফোন কৰি সোনকালে ঘৰলৈ আহিবলৈ কয়। ঘৰলৈ উভতি আহোঁতে দেখিলোঁ মোৰ ছোৱালীয়ে আত্মহত্যা কৰিছে।
ইফালে, এই ঘটনাৰ আঁৰত কেৱল পোহনীয়া জন্তুৰ শোকৰ বাহিৰে আন কোনো ৰহস্য আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত চলাইছে।