নিৰ্মাণত জড়িত দুজন ঠিকাদাৰৰ বিবাদৰ ফলত দুদিন ধৰি বন্ধ বগীবিল দলঙৰ কাম

Bogibeel bridge

ব্ৰহ্মপুত্ৰ নদীত নিৰ্মীয়মান বগীবিল দলঙৰ নিৰ্মাণৰ কাম দুদিন ধৰি বন্ধ হৈ আছে। জানিব পৰা মতে, নিৰ্মাণৰ দায়িত্ব লাভ কৰা দুজন ঠিকাদাৰৰ মাজত কামৰ ভাগ-বাটোৱাৰা লৈ হোৱা বিবাদৰ ফলত বুধবাৰৰ পৰা নিৰ্মাণৰ কামত অচলাৱস্থাই দেখা দিছে।

এক নিৰ্ভযোগ্য সূত্ৰই জনোৱা মতে, ৪.৯৪ কি: মি: দৈৰ্ঘৰ এই দলংখনৰ ওপৰৰ গাঁঠনিৰ কামৰ বাবে দুজন ঠিকাদাৰৰ অধীনত দুই দল বনুৱাক নিয়োগ কৰা হৈছিল।  এদল বনুৱাক উত্তৰ পাৰৰ(ধেমাজিৰ ফালে) আৰু আনটো দলক দক্ষিণ পাৰৰ (ডিব্ৰুগড়ৰ ফালৰ) নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু যেতিয়াই পূৰ্বৰ চুক্তি ভংগ কৰি উত্তৰ ফালৰ ঠিকাদাৰৰ অধীনৰ বনুৱাৰ দলটোৱে দক্ষিণ ফালে নিৰ্মাণ কাৰ্য কৰিবলৈ ধৰে তেতিয়াই বিবাদৰ সূত্ৰপাত হয়।

এগৰাকী ৰেলৱে বিষয়াই জনোৱা মতে পৰস্পৰৰ সন্মতি সাপেক্ষে দুয়োগৰাকী ঠিকদাৰে দলংখনৰ ওপৰৰ গাঁঠনিৰ ওপৰ মহলাৰ ২০ টাকৈ শ্লেবৰ কাম কৰাৰ কথা আছিল। কিন্তু উত্তৰ পাৰৰ ঠিকাদাৰজনে চুক্তি অৱমাননা কৰি ৩০ টা শ্লেব পকীকৰণৰ বাবে আগবাঢ়ে।  এই লৈ বুধবাৰে পুৱা দুয়োটা দলৰ মাজত সংঘাত হয় আৰু ফলত নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ পৰে।

ইতিমধ্যে ৰেলৱে কৰ্তৃপক্ষই বিবাদৰ বিষয়টো ডিব্ৰুগড় জিলা প্ৰশাসন, কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰী আৰু ৰাজ্য চৰকাৰক অৱগত কৰিছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই দলং নিৰ্মাণৰ স্থানলৈ গৈ বনুৱাসকলৰ সৈতে মত বিনিময় কৰি নিৰ্মাণ কাৰ্য পুনৰ কৰিবলৈ কয়।

ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথ-স্থলপথ দলং হিচাপে পৰিগণিত হ’বলগীয়া বগীবিল দলংখন চলিত বছৰৰ অক্টোবৰ মাহত মুকলি কৰাৰ কথা।

উল্লেখ্য যে  ২০০২ চনৰ ২১ এপ্ৰিলতেই ভাৰতৰ তদানিন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে উদ্বোধন কৰা এই বগীবিল দলংখন মুকলি কৰাৰ বহুকেইটা শেষ সময়সীমা পাৰ হৈ গৈছে আৰু সেয়েহে কেইবা কোটি টকা ব্যয়সাপেক্ষ এই দলংখনক অঞ্চলটোৰ আটাইতকৈ ধীৰে ধীৰে আগবঢ়া আন্তৰ্গাঁঠনি প্ৰকল্প বুলি অভিহিত কৰা হয়।