অসমৰ প্ৰাক্তন ৰঞ্জী খেলুৱৈ নিশান্ত বৰদলৈ আগন্তুক দেওধৰ ট্ৰফী প্ৰতিযোগিতাৰ বাবে ইণ্ডিয়া-এ দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছে।
ভাৰতীয় অফ স্পীনাৰ ৰবি চন্দ্ৰন অশ্বিন আৰু মিডিয়াম পেচ বলাৰ মহম্মদ শ্বামী ইণ্ডিয়া দলৰ সদস্য।
দেওধৰ ট্ৰফী প্ৰতিযোগিতাখন অহা ৪মাৰ্চৰ পৰা ৮ মাৰ্চলৈকে হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হ’ব।
পূৰ্বতে নিশান্ত বৰদলৈ বিচিচিআইয়ে আয়োজন কৰা চৈয়দ মুস্তাক আলী টি-টুৱেন্টি প্ৰতিযোগিতাৰ বাবে উত্তৰ মণ্ডল দলটোৰ দলীয় প্ৰশিক্ষক হিচাপেও নিৰ্বাচিত হৈছিল। সেই দলটোৰ নেতৃত্বত আছিল হৰভজন সিং।
গুৱাহাটীৰ ডনব’স্ক স্কুল আৰু কটন কলেজৰ এগৰাকী প্ৰাক্তন ছাত্ৰ বৰদলৈ সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া অফ-ব্ৰেক বলাৰ আছিল।
১৯৯৪-৯৫ বৰ্ষত ৰঞ্জী দলৰ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা বৰদলৈয়ে ৩৫ খন প্ৰথম শ্ৰেণীৰ খেলৰ উপৰি অসমৰ হৈ ২৯ খন খেলত ভাগ লৈছিল। তেওঁ বৰ্তমান অৰ্হতাসম্পন্ন শাৰীৰিক ফিটনেছ তথা ফিল্ডিং প্ৰশিক্ষক হিচাপে কাম কৰি আছে।
তেওঁ ৩০ গৰাকীতকৈয়ো অধিক ভাৰতীয় আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ আৰু ১০০ তকৈয়ো অধিক ভাৰতৰ প্ৰথম শ্ৰেণীৰ খেলুৱৈক প্ৰশিক্ষণ দিছে।
তেওঁ লগতে ইংলেণ্ড এণ্ড ওৱেলছ ক্ৰিকেট বোৰ্ডৰ এগৰাকী অৰ্হতাসম্পন্ন লেভেল-২ পৰ্যায়ৰ ক্ৰিকেট প্ৰশিক্ষক আৰু এগৰাকী বিশেষজ্ঞ ফিল্ডিং প্ৰশিক্ষক।