দেশৰ স্বীকৃত পশুধনৰ তালিকাত অসমৰ গৰু, গাহৰি, কুকুৰা আৰু পাতিহাঁহৰ সঁচ অন্তৰ্ভুক্ত

Assam_Duck

হাৰিয়ানাত থকা ৰাষ্ট্ৰীয় পশু আনুবংশিক সংসাধন ব্যুৰো (National Bureau of Animal Genetic Resources)ৱে অসমৰ গৰুৰ এটা প্ৰজাতি আৰু পাতিহাঁহক ইয়াৰ স্বীকৃত পশুধনৰ তালিকাত স্থান দিছে। এই কথা জানিব পৰা গৈছে ব্যুৰোটোৰ এটা সূত্ৰৰ পৰা।

সূত্ৰটোৱে জনোৱামতে স্বীকৃতি দিয়াৰ পূৰ্বে এই পশুধনবোৰৰ বিষয়ে গৱেষণা কৰা হৈছিল। গৱেষণাত অসমৰ থলুৱা প্ৰজাতিৰ গাইগৰুৰ গাখীৰত ভালেমান উৎকৃষ্ট উপাদান পোৱা গৈছে বুলি সূত্ৰটোৱে কয়। আনহাতে অসমৰ মানুহৰ প্ৰিয় হাঁহমাংসৰ প্ৰধান উৎস থলুৱা পাতিহাঁহৰ কণী আৰু মাংস উৎকৃষ্ট মানৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সঁচ হিচাপে স্বীকৃতি দি অসমৰ থলুৱা গৰুক ‘লখিমী’ নামেৰে ইয়াৰ INDIA CATTLE শিতানৰ ৪১ নম্বৰত অন্তৰ্ভুক্ত (0200 LAKHIMI 03041) কৰাৰ বিপৰীতে হাঁহ (duck)ৰ সঁচৰ শিতানত কেৱল অসমৰ পাতিহাঁহক পাতি নামেৰে (0200 PATI 11001) অন্তৰ্ভুক্ত কৰা দেখা গৈছে সংস্থাটোৰ ৱেবছাইটত।

আনহাতে কুকুৰাৰ সঁচ (chicken breed)ৰ শিতানত অসমৰ দুবিধ কুকুৰা, ক্ৰমে দাওথিগিৰ (INDIA CHICKEN 0200 DAOTHIGIR 12006) আৰু মিৰি (INDIA CHICKEN 0200 MIRI 12012) নামেৰে অন্তৰ্ভুক্ত কৰা হৈছে।

গাহৰিৰ সঁচৰ তালিকাত ডুম নামেৰে অসমৰ এবিধ গাহৰিক (INDIA PIG 0200 DOOM 09006) অন্তৰ্ভুক্ত কৰা হৈছে।

অৱশ্যে পশুধনবোৰ অসমৰ হ’লেও এই নামবোৰ কিহৰ ভিত্তিত দিয়া হৈছে সেয়া সূত্ৰটোত স্পষ্ট কৰা হোৱা নাই, কাৰণ কেৱল পাতিহাঁহৰ বাদে বাকী নামবোৰ অসমৰ থলুৱা মানুহেই অৱগত নহয় বা তেনে নাম শুনা নাই।