দোষ প্ৰমাণ কৰিব নোৱাৰি অসম চৰকাৰে পুনৰ নিযুক্তি দিলে ‘চিলাপথাৰ কাণ্ড’ৰ পিছত নিলম্বিত আই পি এচ ৰাজামাৰ্থান্দনক

N-Rajamarthandan-IPS-officer

এন ৰাজা মাৰ্থান্দন

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দিয়া এক উত্তৰৰ বাবে যোৱা বছৰ চাকৰিৰ পৰা নিলম্বিত হোৱা ভাৰতীয় আৰক্ষী সেৱাৰ অসম কেডাৰৰ বিষয়া এন ৰাজা মাৰথান্দন -ক পুনৰ নিযুক্তি দিয়া হৈছে।

ৰাজ্যৰ গৃ্হ বিভাগে ৰাজা মাৰথান্দনৰ নিলম্বনৰ নিৰ্দেশ বাতিল কৰি এক জাননী জাৰি কৰিছে আৰু তেওঁক হাইলাকান্দি জিলাৰ কাতলিচেৰাত থকা ২১ অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্টৰূপে নিযুক্তি দিছে।

ধেমাজি জিলাৰ চিলাপথাৰত আছু কাৰ্য্যালয়ত আক্ৰমণ সংক্ৰান্তীয় এটা গোচৰৰ তদন্তৰ বাবে গঠিত বিশেষ তদন্তকাৰী গোটৰ ৰাজা মাৰ্থান্দন তদাৰকী বিষয়া আছিল। সেই সময়ত তেওঁ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল।

নতুন দিল্লীস্থিত উকীল এজনৰ এখন আৰ টি আই আবেদনৰ উত্তৰ হিচাপে ‘শ্ৰেণীবিভাজিত’ তথ্য যোগান ধৰাৰ অভিযোগত তামিল আই পি এচ বিষয়াজনক যোৱা বছৰ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁৰ বিৰুদ্ধে নিৰ্ধাৰিত সময়ত অভিযোগনামা দাখিল কৰিব নোৱাৰা বাবে যোৱা ২২ জুনত উচ্চতম ন্যায়ালয়ে বিষয়াজনক জামিন প্ৰদান কৰিছিল।

ৰাজা মাৰ্থান্দনক সৎ বিষয়া আৰু তেওঁক বলিৰ পঠা সজোৱা হৈছে বুলি দাবী কৰি ভাৰতীয় আৰক্ষী সেৱা সংস্থাই এই অভিযোগৰ এক স্বতন্ত্ৰ তদন্ত দাবী কৰিছিল।

তামিলনাডুৰ জ্যেষ্ঠ ৰাজনীতিক ভাইক’য়ো তাৎক্ষণিকভাৱে বিষয়াজনৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰিছিল।

অসমৰ গৃ্হ বিভাগে জনোৱা মতে ৰাজামাৰ্থান্দনে অহা সোমবাৰে তেওঁৰ নতুন কৰ্মথলীত যোগ দিয়াৰ সম্ভাৱনা আছে।