ধনুভাঙাত পুনৰ লাডেনৰ সন্ত্ৰাস : এইবাৰৰ লক্ষ্য বিদ্যালয় গৃহ

IMG-20180803-WA0009

গোৱালপাৰা জিলাৰ ধনুভাঙা অঞ্চলত পুনৰ আৰম্ভ হৈছে লাডেন’ৰ সন্ত্ৰাস। এইবাৰ পিছে লাডেনে তাৰ আক্ৰোশৰ লক্ষ্য কৰি লৈছে বিদ্যালয় গৃহ।  এইবাৰ লাডেনে এখনৰ পিছত এখনকৈ বিদ্যালয়ত আৰম্ভ কৰিছে আক্ৰোশমূলক আক্ৰমণ।

লাডেনে তাৰ এই বিদ্যালয় গৃহ ভঙা অভিযানটোত কালি ধনুভাঙা এম.ই স্কুল খন ভঙাৰ পিছত আজি নিশাও আন এখন বিদ্যালয়ত উপদ্ৰৱ চলায়।

আজি নিশা নলডোবা গনেশজুলি প্ৰাথমিক বিদ্যালয়ৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে l বিদ্যালয় গৃহটো ভাঙি মধ্যাহ্ন ভোজনৰ চাউল খাই তহিলং কৰাৰ উপৰিও কিতাপৰ আলমাৰীও লণ্ড ভণ্ড কৰে l যাৰ ফলত বিদ্যালয়ৰ কিতাপ পত্ৰৰ লগতে অন্য নথি পত্ৰও বিনষ্ট হয় l গৰমৰ বন্ধ খোলাৰ লগে লগে বনৰীয়া হাতীয়ে বিদ্যালয় গৃহ তচনচ কৰাত বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক, শিক্ষয়িত্ৰী সকল l

উল্লেখ্য যে বহু দিনৰ পৰা দিনৰ পৰা গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলৰ ধনুভাঙাৰ দেওঁশিলা অঞ্চলৰ বাসিন্দাসকলৰ বাবে আতংকৰ কাৰণ হৈ পৰা প্ৰায় ৯ ফুট উচ্চতাৰ লাডেন নামৰ মখনা হাতীটোক স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

পাঞ্জাবাৰীস্থিত প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) দেবপ্ৰকাশ বাংকুৱালৰ কাৰ্য্যালয়ত বৈঠকত গোৱালাপাৰাৰ কিছু কিছু অংশত সৃষ্ট হাতী-মানুহৰ সংঘাত কেনেকৈ নিৰাময় কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হৈছিল। গুৰুতৰ ৰূপ লোৱা পৰিস্থিতি সন্দৰ্ভত অনুস্থিত এই বৈঠকখনতেই ধনুভঙাৰ সন্ত্ৰাস ‘লাডেন’ক মানুহৰ বসতিৰ পৰা বহু দূৰলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।