ধীৰাজ সিঙৰ প্ৰথমদিনাৰ অনুশীলনক লৈ সন্তুষ্টি প্ৰকাশ মাডাৰৱেল এফ চি দলৰ বিষয়ববীয়া

17 years old Indian goalkeeper Dhiraj file picture

ফাইল ফটো

ধীৰাজ সিঙ মৈৰাঙঠেমে স্কটিছ প্ৰিমিয়াৰশ্বীপৰ ক্লাব মাডাৰৱেল এফ চি দলৰ বাচনি শিবিৰৰ বাবে অনুশীলনত অংশগ্ৰহণ কৰা দেখা গ’ল বৃহস্পতিবাৰে। প্ৰথম দিনৰ অনুশীলনত ১৭ বছৰীয়া ভাৰতীয় গ’লৰক্ষক ধীৰাজ সিঙৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰা দেখা গ’ল ক্লাবটোৰ মুখ্য পৰিচালন অধিকাৰী তথা নিৰ্দেশক এলেন ব্যুৰোৱে। এটা টুইট যোগে এলেন ব্যুৰোৱে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে স্কটলেণ্ডৰ এই ক্লাবটোৰ সৈতে ধীৰাজে তিনি সপ্তাহৰ বাচনি শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিব। ১৭ অনুৰ্ধ ফুটবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ গ’লৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰা ধীৰাজে প্ৰতিযোগিতাখনত উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰাৰ ফলতেই স্কটিছ প্ৰিমিয়াৰশ্বীপৰ ক্লাব মাডাৰৱেল এফ চি দলে বাচনি শিবিৰলৈ আমন্ত্ৰণ জনাইছিল। সেই উদ্দেশ্যে ভাৰতীয় ফুটবলাৰগৰাকীয়ে ৭ ফেব্ৰুৱাৰিৰ দিনা স্কটলেণ্ডলৈ ৰাওনা হৈছিল।

স্কটলেণ্ডলৈ যোৱাৰ পূৰ্বে ধীৰাজে আই লীগ প্ৰতিযোগিতাত ইণ্ডিয়ান এৰোজ দলৰ হৈ অংশগ্ৰহণ কৰিছিল। দলটোৰ সৈতে চুক্তি উকলি যোৱাৰ পিছত খেলুৱৈগৰাকীয়ে আই এছ এলৰ কেৰেলা ব্লাষ্টাৰ্ছ দলৰ হৈও অনুশীলনত অংশ লোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ পিছতে ধীৰাজে বিদেশত খেলা সুযোগ লাভ কৰাত স্কটলেণ্ডলৈ ৰাওনা হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

স্কটলেণ্ডত উপস্থিত হৈয়ে ধীৰাজে বৃহস্পতিবাৰৰ পৰা মাডাৰৱেল এফ চি দলৰ খেলুৱৈ সকলৰ লগত অনুশীলনত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়।

প্ৰথম দিনৰ অনুশীলনৰ অন্তত টুইট যোগে এলেন ব্যুৰোৱে এই কথা জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ধীৰাজে সম্পূৰ্ণ নিজৰ প্ৰতিভাৰ বলেৰে আমাৰ দলৰ বাচনি শিবিৰলৈ আমন্ত্ৰিত হৈছে। যদিহে ধীৰাজে নিজৰ প্ৰতিভা সম্পূৰ্ণৰূপে অনুশীলনত প্ৰতিফলিত কৰিব পাৰে তেন্তে আমি নিশ্চয় তেওঁক আমাৰ দলৰ লগত চুক্তিবদ্ধ কৰিম।

সকলো ঠিকে ঠাকেই থাকিলে ভাৰতীয় গ’লকীপাৰ ধীৰাজে ক্লাবটোৰ সৈতে চুক্তিবদ্ধ হ’বলৈ এইবছৰৰে জুন মাহলৈ অপেক্ষা কৰিব লাগিব। কিয়নো ১৮ বছৰ নোহোৱাকৈ কোনো খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্লাবত চুক্তিবদ্ধ হ’ব নোৱাৰে।

ধীৰাজ সিঙৰ এই বিদেশী ক্লাবৰ যাত্ৰাত সমগ্ৰ ভাৰতীয় ফুটবল প্ৰেমীয়ে যথেষ্ট আশা প্ৰকাশ কৰিছে। এন ই নাওৰ তৰফৰ পৰাও ১৭ বছৰীয়া মণিপুৰৰ গ’লৰক্ষক গৰাকীলৈ যাচিছো অলেখ শুভেচ্ছা।