ধুবুৰীত এন আৰ চিৰ নামত জালিয়াতি কৰা দুই চৰকাৰী বিষয়াক আৰক্ষীৰ আটক

এন আৰ চি

দেওবাৰে ধুবুৰীত এন আৰ চিৰ নামত জালিয়াতি কৰা দুই চৰকাৰী বিষয়াক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে দুই চৰকাৰী বিষয়াই এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবদ উৎকোচ বিচাৰিছিল। ফলত ভুক্তভোগীয়ে উপায়ান্তৰ হৈ আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰে। আৰু আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগ মতে দুই চৰকাৰী বিষয়াক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন চৰকাৰী বিষয়া দুজন স্বপন দত্ত আৰু ফিদ্দুজ জামান বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যি সময়ত এন আৰ চিৰ কাম-কাজ সুচাৰু ৰূপে পালন কৰিবৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিছে তেনে সময়তে চৰকাৰী বিষয়াই এনেদৰে এন আৰ চিৰ নামত উৎকোচ বিচৰা কাৰ্য উদ্বেগজনক।

ইফালে ৰাজ্যখনৰ বিভিন্ন ঠাইত সময়ে সময়ে এন আৰ চিত নিজৰ নাম প্ৰকাশ নোপোৱাত বহু লোকে আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰো উদাহৰণ আছে। তেনে সময়তে আন আৰ চিত নাম অন্তৰ্ভুক্তি কৰাৰ বাবদ চৰকাৰী বিষয়াই উৎকোচ বিচৰা কাৰ্যত সৰ্বসাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে।