ধোঁৱাচাঙত উঠিল প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনা : হেল্পলাইন নম্বৰ ১৮০০২১২২৩৬৬ বিকল

DharmakantaGogoi

দুৰ্নীতি বিৰোধী মঞ্চ, অসমৰ সংবাদমেল।

“প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনা, চমুকৈ (PMAY, urban) ধোঁৱা চাঙত উঠিল। যিসময়ত ভাৰতৰৰ প্ৰধান মন্ত্ৰীয়ে ২০২২ চনৰ ভিতৰত এই আঁচনিৰ অধীনত ভাৰতবৰ্ষৰ সকলো গৃহহীন লোকে বাসগৃহ লাভ কৰিব বুলি ঘোষণা কৰিছে, সেইসময়ত ৰাজ্যখনৰ আৱাস নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলিৰ কথা পোহৰলৈ আহিছে।”

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ তোলে দুৰ্নীতি বিৰোধী মঞ্চ, অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে।

তেওঁ সংবাদমেলত কয়, “অসমত এই আৱাস যোজনাৰ ডাইৰেক্টৰৰ দায়িত্বত আছিল বৰ্তমান লখিমপুৰৰ উপায়ুক্ত ড০ জীৱন বি। কিন্তু বৰ্তমান এই পোষ্টটো খালী হৈ আছে। কিয়নো এক নিৰ্দেশনাৰ ভিত্তিত ড০ জীৱন বিক লখিমপুৰ জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হয়।”

তেওঁ লগতে কয় যে ২০১৭-১৮ বৰ্ষত অসমৰ ৩২ খন জিলাৰ ৯৫খন চহৰত ৫৫,৬৩৪ গৰাকী উপভোক্তাৰ নামত গৃহ অনুমোদন হয় যদিও দুৰ্ভাগ্যজনকভাৱে মাত্ৰ ১৪৪৫ গৰাকী উপভোক্তাইহে গৃহ নিৰ্মাণৰ বাবদ কেৱল প্ৰথম কৃষ্টিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই মিশ্যনৰ অধীনত কাম কৰা ১৩৫জন বিষয়া-কৰ্মচাৰীক হাইদৰাবাদৰ Administrative Staff College of India (ASAI) নামৰ প্ৰতিষ্ঠান এটাই প্ৰাপ্য ধন প্ৰদানত ব্যাপক খেলিমেলি কৰা বুলি অভিযোগ তুলি গগৈয়ে লগতে কয় “কৰ্মচাৰীসকলে আমাক জানিবলৈ দিয়া মতে তেওঁলোকে ২০১৭ চনৰ ডিচেম্বৰ মাহৰ পৰা কোনো দৰমহা লাভ কৰা নাই, আৰু ডাইৰেক্টৰজন উপায়ুক্ত হিচাপে বদলি হোৱাৰ পিছৰে পৰা এই আঁচনিখন ধোৱাচাঙত উঠিল। বৰ্তমান ডাইৰেক্টৰ পদটো খালী হৈ আছে।”

ইয়াৰোপৰি তেওঁ উক্ত সংবাদমেলতে জনোৱা অনুসৰি ১৩৫গৰাকী কৰ্মচাৰীৰ ৯১গৰাকী বহিৰাগত প্ৰতিষ্ঠানটোৱে আৰু ৰাজ্য চৰকাৰে ৪৪ গৰাকী কৰ্মচাৰী নিয়োগ কৰিছিল।

গগৈয়ে অভিযোগ কৰে যে কৰ্মচাৰীসকলে প্ৰতিষ্ঠানটোৰ পৰা ৪৫ হাজাৰ টকা দৰমহা পাব লাগিছিল যদিও তেওঁলোকে ২৫ হাজাৰ টকাহে উক্ত বহিৰাগত প্ৰতিষ্ঠানটোৰ পৰা লাভ কৰিছিল।

তেওঁ লগতে কয়, “হাইদৰাবাদৰ প্ৰতিষ্ঠানটোৱে কেন্দ্ৰীয় চৰকাৰক কোনোধৰণৰ তথ্য যোগান ধৰিব নোৱৰাৰ ফলত অসমত এই আঁচনিখনৰ তলাবন্ধ হৈ গ’ল।”

ইয়াৰ ফলত সম্পূৰ্ণ আঁচনিখনেই মিথ্যাচাৰত পৰিণত হৈছে বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয় “এই আঁচনিৰ বাবদ যি হেল্পলাইন নম্বৰ দিয়া হৈছিল সেই নম্বৰটোৱেই যোৱা ৩ মাহ ধৰি বিকল হৈ আছে। মোদীয়ে পৰিৱৰ্তনৰ কথা কৈছিল যদিও এই আঁচনিখনৰ ক্ষেত্ৰত অসমক সম্পূৰ্ণ বিশ্বাসঘাতকতা কৰিছে।”

আনহাতে, ১৩৫ গৰাকী কৰ্মচাৰীয়ে বাৰেপতি ৰাজ্যচৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আঁচনিখন অসমত বন্ধ হৈ যাব বুলি আপত্তি দৰ্শাই আহিছে যদিও কোনো এখন চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই বুলিও ধৰ্মকান্ত গগৈয়ে উক্ত সংবাদমেলতে গুৰুতৰ অভিযোগ তোলে।

উক্ত সংবাদমেলৰ শেষৰ ফালে গগৈয়ে ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনাই কয় “চৰকাৰে এটা উচ্চস্তৰীয় পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰক আৰু কি পৰিস্থিতি ডাইৰেক্টৰৰ দৰে গুৰুত্বপূৰ্ণ পদবী এটা এৰি ড০ জীৱন বি লখিমপুৰৰ উপায়ুক্ত হ’ব লগীয়া হ’ল সেই সন্দৰ্ভতো তদন্তৰ দাবী জনাইছো।”

উক্ত সংবাদমেলতে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমে কাৰ্বি আংলংত দুজন যুৱকৰ হত্যাকাণ্ডৰ ঘটনাক সম্পূৰ্ণ অমানৱীয় তথা বৰ্বৰোচিত আখ্যা দিয়ে আৰু আটক কৰা দোষী অপৰাধীসকলক কঠোৰৰ পৰা কঠোৰ শস্তি প্ৰদান কৰিবৰ বাবে দাবী জনায়।

সংগঠনটোৱে কালিৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এমাহজোৰা সজাগতাসভা, পথ সভাৰ আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে।