ধৰ্মনগৰত পুখুৰীত বাগৰি পৰিল অট’ৰিক্সা, ৫ জন লোক আঘাতপ্ৰাপ্ত

ধৰ্মনগৰত পুখুৰীত বাগৰি পৰিল অট’ৰিক্সা

ধৰ্মনগৰত পুখুৰীত বাগৰি পৰিল অট’ৰিক্সা

ধৰ্মনগৰ মহকুমাৰ সোনাৰুভাসাত এখন অট’ৰিক্সা এটা পুখুৰীত বাগৰি পৰাত অন্ততঃ ৫ জন লোক আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ বিৱৰণী মতে তি আৰ ০৫ ২৫২৬ নম্বৰৰ অট’ৰিক্সাখনে ধৰ্মনগৰ চিকিৎসালয়ৰ পৰা ৪ গৰাকী ৰোগীক লৈ আহি থকা অৱস্থাতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। অট’খনে পথৰ ওপৰত থিয় হৈ থকা এটা গৰুৰ কাষেৰে পাৰ হ’ব খোজোতেই কাষতে থকা এটা পুখুৰীত বাগৰি পৰে। দুৰ্ঘটনাটোত পাঁচোগৰাকী আৰোহীয়েই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনা সংঘটিত হোৱাৰ খবৰ পাই উপস্থিত হোৱা স্থানীয় লোকে আৰক্ষীৰ সহযোগত দুৰ্ঘটনাগ্ৰস্ত লোকসকলক পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে।

আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ ধৰ্মনগৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়।

দুৰ্ঘটনাটোৱে ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি ধৰ্মনগৰ অঞ্চলত দুৰ্ঘটনাৰ মাত্ৰা ব্যাপকভাৱে বৃদ্ধি পোৱা সত্বেও সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।