• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণকাৰীৰ বাবে কঠোৰ আইনৰ দাবীৰ সমৰ্থনত ডিমৌৰ যুৱকে সংগ্ৰহ কৰিলে গণস্বাক্ষৰ

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
April 1, 2018 11:46 am
MassSign
97
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ সঘনাই হোৱা ধৰ্ষণৰ দৰে কেতবোৰ নাৰকীয় ঘটনাই ৰাজ্যখনত তীব্ৰ আলোড়ন সৃষ্টি কৰি থকাৰ সমান্তৰালভাৱে শিৱসাগৰ ডিমৌত এজন যুৱকে লৈছে এক ব্যতিক্ৰম পদক্ষেপ। শ্ৰীমন্ত দত্ত নামৰ ডিমৌৰ যুৱকজনে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ অনুৰোধ জনাই দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ইয়াৰ সমৰ্থনত গণস্বাক্ষৰ সংগ্ৰহ কৰিছে।

প্ৰথমে ফেইচবুকৰ দ্বাৰা জনোৱা আহ্বানৰ পিছত তেওঁৰ গণস্বাক্ষৰ অভিযানৰ প্ৰতি সঁহাৰি জনাইছে বিভিন্ন প্ৰান্তৰ বহু উদ্যমী যুৱকে।

তেওঁ জনোৱা মতে  এই গণস্বাক্ষৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰহণ কৰা হৈছে। ডিমৌতো গণস্বাক্ষৰ গ্ৰহণ কৰা হৈছে। তেওঁ সহযোগীসকলৰ সহায়ত ডিমৌৰ প্ৰতিজন ব‍্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে ঘূৰি গণস্বাক্ষৰ সংগ্ৰহ কৰা দেখা গৈছে।

এনেবোৰ ঘটনাই ৰাজ্য তথা দেশখনক যাতে লজ্জানত কৰিব নোৱাৰে তাৰ বাবে সেই অপৰাধীবোৰৰ বিৰুদ্ধে এক কঠোৰ আইন প্ৰণয়নৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এই গণস্বাক্ষৰ সম্বলিত পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰাৰ দিহা কৰা হৈছে। শ্ৰীমন্ত দত্তই জনোৱামতে, এই স্বাক্ষৰ অভিযানত হাজাৰ হাজাৰ লোকে সহযোগিতা আগবঢ়োৱাৰ লগতে এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ঘটা কেইবাটাও ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। বহু ঠাইত বিভিন্ন ব্যক্তি, দল, সংগঠনে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে ধৰ্ষণকাৰীৰ বাবে কঠোৰ আইনৰ দাবী তুলিছে।

Recent News

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd