DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগা চুক্তি ৰাজহুৱা কৰিবলৈ কেন্দ্ৰক আহ্বান মণিপুৰৰ নাগৰিক সমাজৰ সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 10:16 am
নগা চুক্তি ৰাজহুৱা কৰিবলৈ কেন্দ্ৰক আহ্বান মণিপুৰৰ নাগৰিক সমাজৰ সংগঠনৰ
85
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ নাগৰিক সমাজৰ সংগঠনৰ এটি দলে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজেজু, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, নাগা সমস্যাৰ আলোচনাৰ মধ্যস্থতাকাৰী আৰ এন ৰবিকে ধৰি আন নেতাসকলক নতুন দিল্লীত সাক্ষাৎ কৰি ২০১৫ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰ আৰু এনএছচিএন (আই এম)ৰ মাজত স্বাক্ষৰিত হোৱা ‘ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট’ৰ বিষয়বস্তু ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে।

নাগৰিক সমাজৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছিল ইউনাইটেড কমিটিৰ সভাপতি এলাঙবাম জনছন, অল মণিপুৰ ইউনাইটেড ক্লাব’ৰ সভাপতি পি এইছ দেবেন আৰু কাঙলেইপাক নাগৰিক সমাজ সমিতিৰ সভাপতি জিতেন্দ্ৰ নিঙ্গমবাই। নেতাসকলৰ আগত তেওঁলোকে স্থিতি স্পষ্ট কৰি দিয়ে যে মণিপুৰৰ ৰাইজে তেওঁলোকৰ সন্মতি নোহোৱাকৈ হোৱা কোনো চুক্তিকে মানি নলয়। বিশেষকৈ যদিহে ৰাজ্যখনৰ ভৌগলিক অখণ্ডতাৰ সৈতে আপোচৰ বিষয় হয়।

প্ৰতিনিধি দলটোৱে কেন্দ্ৰক সাৱধান কৰি দিয়ে যে নগা ৰাজনৈতিক সমস্যাটোৰ চূড়ান্ত সমাধানৰ সময়ত মণিপুৰৰ ভৌগলিক অখণ্ডতাৰ ক্ষেত্ৰত যদিহে আপোচ কৰা হয় তেতিয়াহ’লে তাৰ ফলত সৃষ্টি হোৱা যিকোনো পৰিস্থিতিৰ বাবে কেন্দ্ৰই দায়ী হ’ব।

আৰ এন ৰবিয়ে দোহাৰে যে ৰাজ্যৰ স্বাৰ্থক সুৰক্ষিত ৰখা হ’ব আৰু কেন্দ্ৰই কোনো ৰাজ্যৰে ভৌগলিক অখণ্ডতাৰ ক্ষেত্ৰত আপোচ নকৰে।

প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া মণিপুৰৰ জনসাধাৰণৰ দাবী আৰু পৰামৰ্শ সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

ইয়াৰ আগেয়ে প্ৰতিনিধি দলটোৱে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, চিপিআই (এম)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এনপিপিৰ সভাপতি কনৰাড ছাংমা আৰু অন্যান্য নেতাক সাক্ষাৎ কৰিছিল।

প্ৰতিনিধি দলটোৱে এতিয়াও কেইবাজনো কেন্দ্ৰীয় নেতাক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত খাপ পিটি আছে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd