নলবাৰীত এন আৰ চিত বাদ পৰিব ১,৫৪২টা বিদেশীৰ পৰিয়াল

এন আৰ চি

নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নথি পুনৰীক্ষণৰ কাম  ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ তাৰিখ পৰিৱৰ্তন নহ’লে অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত জিলাখনৰ ১,৫৪২টা ঘোষিত বিদেশীৰ পৰিয়ালৰ নাম বাদ পৰিব।

নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে বুধবাৰে এক সংবাদমেলযোগে জানিবলৈ দিয়া মতে জিলাখনৰ ১,৫৪২টা ঘোষিত বিদেশী পৰিয়াল, ৫৪৬জন সন্দেহজনক  ভোটাৰৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰপৰা সদ্যহতে বাদ পৰিব।

উপায়ুক্তগৰাকীয়ে নিজৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয় যে জিলাখনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম এশ শতাংশই সম্পূৰ্ণ হৈ উঠিছে। ২০১১ চনৰ লোক গণনা অনুসৰি জিলাখনত ১,৫৫,১১৮ টা পৰিয়াল আছিল আৰু এই সংখ্যা ২০১৫ চনত ১,৮০,৮৭০ লৈ বৃদ্ধি পাইছে। এই চাৰিটা বছৰত জিলাখনত ২৫,৭৫২ টা পৰিয়াল বৃদ্ধি পাইছে বুলি উপায়ুক্ত দাসে জানিবলৈ দিয়ে।

নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই জানিবলৈ দিয়া মতে জিলাখনৰ ৬৫টা সেৱা কেন্দ্ৰৰ ৩২ টা কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।

উল্লেখযোগ্য যে জিলাখনৰ ১,৮০,৮৭০ টা পৰিয়ালৰপৰা ৮,২৭,৩১৩ জন আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে আবেদন কৰিছিল। সংবাদমেলত নলবাৰী জিলাৰ উন্নয়ন আয়ুক্ত নাদিৰা জেছমিন, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ উপস্থিত থাকে।