• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পৰিণামস্বৰূপে মূল্যবৃদ্ধিত ছটফটাবলগীয়া হৈছে অসমৰ জনতাইঃ ভূপেন বৰা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 17, 2024 7:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন মানুহৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পৰিণাম ভুগিবলগীয়া হৈছে অসমৰ সাধাৰণ জনতাই। লোকসভা নিৰ্বাচন চলি থকা সময়তে মূল্যবৃদ্ধিক লৈ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

বিজেপিৰ চমকপ্ৰদ নিৰ্বাচনী ব্যয় আৰু মুখ্যমন্ত্ৰীৰ বিলাসবহুল প্ৰচাৰৰ বাবে নিৰ্বাচনৰ সময়তে খাদ্য সামগ্ৰীকে ধৰি দৈনন্দিন জীৱনত ব্যৱহাৰ্য্য সামগ্ৰীৰ ওপৰত সাধাৰণ জনতা অভাৱনীয় মূল্যবৃদ্ধিৰ সন্মুখীন হৈছে বুলি দাবী কৰে ভূপেন বৰাই।

Apply Now

আনহাতে সুৰা বিপণীসমূহক দৈনিক সুৰা বিক্ৰীৰ টাৰ্গেট নিৰ্ধাৰণ কৰি সমগ্ৰ অসমীয়া জাতীয় সত্বাটোকে মৃত্যুক গৰাহলৈ এই চৰকাৰখনে ঠেলি দিব বিচাৰিছে বুলিও মন্তব্য কৰে বৰাই।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহিঃৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাওতে যিধৰণে ব্যাপক খৰছ কৰি আছে আৰু বিজেপিৰ যি নিৰ্বাচনী ব্যয়, তাৰ পোনপোটীয়া প্ৰভাৱ এতিয়া বজাৰত পৰিছে।

ভূপেন বৰাই কণীৰ মূল্য বৃদ্ধিৰ উদাহৰণ দাঙি ধৰি কয় যে অসমত প্ৰতিদিনে প্ৰায় ৯০ লাখ কণী প্ৰয়োজন হয় আৰু ইয়াৰে প্ৰায় ৫২ লাখ কণী বহিঃৰাজ্যৰ পৰা আমদানি কৰা হয়। নিৰ্বাচনৰ সময়ত প্ৰতিটো কণীত এটকাকৈ দাম বৃদ্ধি কৰাৰ ফলত এতিয়া এই কণী আমদানিৰ চিণ্ডিকেটৰ আঁৰত থকাসকলে আছুতীয়াকৈ ৫২ লাখ টকা নিজৰ জেপত ভৰোৱাৰ সুযোগ পাইছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

ইফালে বিজেপিয়ে চিমেণ্টৰ ব্যৱসায়ীৰ পৰা টকা লোৱাৰ ফলস্বৰূপে সাধাৰণ জনতাই প্ৰতি বেগ চিমেণ্টত অতিৰিক্ত ১৪-১৫ টকা ভৰিবলগীয়া হোৱা বুলিও তেওঁ সংবাদমেলত মন্তব্য কৰে।

একেদৰে টিএমটি আদিকে ধৰি ঘৰ তথা অন্যান্য নিৰ্মাণকাৰ্যত ব্যৱহৃত লোহা প্ৰতি কুইণ্টলত ৫০০ টকা বৃদ্ধি হৈছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে বৰ্তমান বালিৰ প্ৰতি চি এমত পূৰ্বৰ ১২০০ টকাৰ পৰা ২০০ টকা বৃদ্ধি পাই এতিয়া ১৪০০ টকা হৈছে। ভূপেন বৰাই ইটা ফেক্টৰীৰ মালিকসকলক মাতি আনি অসম চৰকাৰৰ মন্ত্ৰীসকলে চান্দা লোৱা বুলি অভিযোগ উত্থাপন কৰি কয় যে পূৰ্বে দুহাজাৰ ইটা ঘৰত পেলাই দিলে ২২০০ টকা লাগিছিল, কিন্তু এতিয়া ২৪০০ টকা লাগে।

অন্যহাতে নিৰ্বাচনৰ সময়ত খাদ্য সামগ্ৰীটো মূল্যবৃদ্ধিৰ প্ৰভাৱে সাধাৰণ জনতাক জুৰুলা কৰা বুলি কৈ ভূপেন বৰাই উল্লেখ কৰে যে আলুৰ প্ৰতি কেজি পূৰ্বে ৩০ টকাৰ ঠাইত এতিয়া ৫০ টকালৈ বৃদ্ধি পাইছে, কেআৰটি চাউলৰ দাম ২২৫ টকাৰ পৰা ২৫৫ টকালৈ বৃদ্ধি পাইছে, ৰহৰ দাইলত প্ৰতি কেজিত ২০ টকাকৈ বৃদ্ধি পাইছে, মাহৰ দাইলতো প্ৰতি কেজিত ২০ টকাকৈ বাঢ়িছে, আনকি ব্ৰইলাৰ মাংসতো প্ৰতি কেজিত এতিয়া ২০ টকাকৈ দাম বৃদ্ধি পাইছে।

এইবাৰ নিৰ্বাচনত বিজেপিয়ে অধিক ধন ব্যয় কৰা বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে বিজেপিয়ে এইবাৰ কেৱল যোৰহাট লোকসভা সমষ্টিতে ২৫ কোটি টকা নিৰ্বাচনী প্ৰচাৰৰ নামত খৰচ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ লৈ বহিঃৰাজ্যত চলাই থকা নিৰ্বাচনী প্ৰচাৰৰ নামত খৰচ হোৱা ধন এতিয়া ৰাইজে ভৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

এজন মানুহৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবেই অসমৰ সৰ্বসাধাৰণ ৰাইজে আজি মূল্যবৃদ্ধিৰ অভাৱনীত পৰিস্থিতিত চটফটাবলগীয়া হৈছে বুলি মন্তব্য কৰে বৰাই। তেওঁ কয় যে এফালে চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে, আনফালে লোডশ্বেডিং বৃদ্ধি পাইছে। সুৰা বিপণীসমূহক সুৰা বিক্ৰীৰ বাবে টাৰ্গেট বান্ধি দিয়া সন্দৰ্ভত বিজেপি চৰকাৰকখনক সমালোচনা কৰি ভূপেন বৰাই কয় যে চৰকাৰে সুৰা বিপণীসমূহক টাৰ্গেট বান্ধি দিয়াৰ অৰ্থ হ’ল এতিয়া অসমীয়া মানুহে দিনটোত ইমান মদ খাবই লাগিব।

তেওঁ কয় যে সুৰা দোকানীক ধমকি দিয়াৰ মানে বিজেপিয়ে সমগ্ৰ অসমৰ জাতীয় সত্ত্বাক ধমকি দিছে যে আপোনালোকে মদ কিনি খাই থাকক। বিজেপিৰ মতে এতিয়া কাৰোবাৰ লিভাৰ নষ্ট হৈ যায়, কাৰোবাৰ পৰিয়াল শেষ হৈ যায় বা কাৰোবাৰ জীৱন ধ্বংস হৈ যায় সেয়া ডাঙৰ কথা নহয়। বিজেপিয়ে এতিয়া কেৱল অসমীয়া মানুহক সুৰা পান কৰোৱাই চৰকাৰ চলাব বিচাৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd