• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত যোৱা দুবছৰত ২.৫ শতাংশ বনাঞ্চল হ্ৰাস পাইছে : ইণ্ডিয়া ষ্টেট অব ফৰেষ্টৰ প্ৰতিবেদন

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , March 2, 2018 7:17 pm

2 min read

FSI-LOGO
93
VIEWS
Share on FacebookShare on Twitter

দুবছৰৰ মূৰে মূৰে প্ৰকাশ পোৱা ইণ্ডিয়া ষ্টেট অফ ফৰেষ্টৰ প্ৰতিবেদনত নাগালেণ্ডত যোৱা দুবছৰত ২.৫ শতাংশ বনাঞ্চল হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে। প্ৰতিবেদনখনত যোৱা ২০১৫ চনৰ তথ্যক ভিত্তি হিচাপে দেখুওৱা হৈছে।

বনাঞ্চল হ্ৰাস পোৱাৰ অন্যতম কাৰণ স্থানান্তৰমূলক কৃষি পদ্ধতি বা ঝুমখেতি, উন্নয়নমূলক কামকাজ আৰু জৈৱিক উপাদানৰ বিস্তাৰণ বুলি কোৱা হৈছে।

প্ৰতিবেদনটো মতে সৰ্বাধিক হ্ৰাস পাইছে ‘মুক্ত বনাঞ্চল’ (Open Forest) শ্ৰেণীৰ বনাঞ্চল, যাৰ পৰিমাণ হ’ল ২০১৫ চনৰ পৰা ৩৪২ বৰ্গ কিলোমিটাৰ।

আনহাতে মধ্যমীয়া ঘনত্বৰ বনাঞ্চল (Medium Dense Forests) হ্ৰাস পাইছে ১০৩ বৰ্গ কিলোমিটাৰ আৰু অতি ঘন বনাঞ্চল (Very Dense Forests) হ্ৰাস পাইছে ৫ বৰ্গ কিলোমিটাৰ।

যদিহে জোপোহানিৰে ভৰা অঞ্চলক এই হিচাপত ধৰা যায়, যাৰ হ্ৰাস পোৱা পৰিমাণ হ’ল ১১৪ বৰ্গ কিলোমিটাৰ, মুঠ বনভূমি হ্ৰাসৰ পৰিমাণ আৰু বাঢ়িব। তেতিয়া ২০১৫ চনৰ তুলনাত মুঠ হ্ৰাস হ’ব ৫৬৪ বৰ্গ কিলোমিটাৰ।

উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান থকা মুঠ বনভূমি হ’ল অতি ঘন বনভূমি ১২৭৯ বৰ্গ কিলোমিটাৰ, মধ্যমীয়া ঘনত্বৰ বনভূমি ৪৬৮৭ বৰ্গ কিলোমিটাৰ, মুক্ত বনাঞ্চল ৬৬২৩ বৰ্গ কিলোমিটাৰ, জোপোহানিৰে আবৃত বনাঞ্চল হ’ল ৫০৩ বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ মুঠ বনাঞ্চল মুঠ মাটিকালিৰ ৭৫.৩৩ শতাংশ।

আনহাতে প্ৰতিবেদন মতে নাগালেণ্ডৰ লগতে মিজোৰাম (৫৩১ বৰ্গ কিলোমিটাৰ), অৰুণাচল প্ৰদেশ (১৯০ বৰ্গ কিলোমিটাৰ), ত্ৰিপুৰা (১৬৪ বৰ্গ কিলোমিটাৰ) আৰু মেঘালয়ৰো (১১৬ বৰ্গ কিলোমিটাৰ) বনাঞ্চল হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে অসমৰ বনাঞ্চল সামান্যভাৱে যোৱা দুবছৰত বাঢ়িছে।

Recent News

Screenshot_2021-02-28-18-54-37_1

সচেতনা সৃষ্টিৰ লক্ষ্যৰে টীয়কত সংস্কাৰ জাগৰণ যাত্ৰা

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd