DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

নাগালেণ্ডৰ কিগৱেমা গাঁওবাসীৰ প্ৰচেষ্টাত শ্বুর্হো পীকৰ পথত নিৰীক্ষণ গৃহ নিৰ্মাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2018 7:43 pm
Kigwema community forest
93
VIEWS
Share on FacebookShare on Twitter

কিগৱেমা গাঁৱৰ অধিবাসীসকলে শ্বুৰ্হো পীকলৈ যোৱাৰ পথৰ দুটা ভিন্ন স্থানত বন নিৰীক্ষণগৃহ আৰু দৃশ্য স্থান স্থাপন কৰিছে। নাগালেণ্ড বন বিভাগে এই নিৰীক্ষণগৃহ আৰু দৃশ্য স্থান দুটাৰ পৃষ্ঠপোষকতা কৰিছে।

বুধবাৰে কোহিমা ফৰেষ্ট ডিভিজনৰ কৰ্মচাৰীয়ে কিগৱেমা গাঁৱত এটা নিয়মীয়া পদযাত্ৰা আৰু পৰিদৰ্শন কাৰ্যসূচী সম্পন্ন কৰাৰ সময়ত ডিভিজনেল ফৰেষ্ট অফিচাৰ ৰংছেনলেমলা ইমচেনে গাঁওবাসীসকলৰ উদ্যোগত গ্ৰহণ কৰা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে সামুহিক সংৰক্ষণ প্ৰচেষ্টাৰ বহনক্ষমতাৰ ওপৰত জোৰ দিয়ে।

তেওঁ আৰু কৈছে যে এই নিৰীক্ষণগৃহ আৰু দৃশ্য কেন্দ্ৰ নিৰ্মাণৰ মুল উদ্দেশ্য হৈছে এই স্থানৰ সৌন্দৰ্য সুৰক্ষিত কৰি ৰখা।  বন বিভাগে কিগৱেমা জৈৱ বৈচিত্ৰ আৰু বন্যপ্ৰাণী ব্যৱস্থাপনা কমিটী, গ্ৰাম পৰিষদ, যুৱ সংগঠন, মহিলা সংগঠন আৰু গীৰ্জাসমূহে সমুহীয়াভাৱে গ্ৰহণ কৰা পৰিৱেশ সংৰক্ষণ কাৰ্যসূচীৰ শলাগ লয়।

ইমচেনে আৰু কয় যে দৰ্শনাৰ্থীসকলে দুয়োটা নিৰীক্ষণগৃহৰ পৰাই কিগৱেমা কমিউনিটী ফৰেষ্টৰ লগতে শ্বুৰ্হো পীক আৰু জাপফু পৰ্বতৰ আশে-পাশে থকা ঠাইৰ প্ৰায় ৬০ শতাংশ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব। জাপফু পৰ্বততেই ‘ৰ’ড’ডেনড্ৰন’ গোত্ৰৰ অন্তৰ্গত ১০২৪টা প্ৰজাতিৰ ভিতৰত বিশ্বৰ আটাইতকৈ ওখ প্ৰজাতিটো (Rhododendron arboretum) পোৱা যায়। এই স্থানেই বিৰল প্ৰজাতিৰ ব্লাইথ’ছ ট্ৰাগোপান প্ৰজাতিৰ পক্ষীৰো বসতিস্থান। এই নিৰীক্ষণগৃহৰ পৰা অতি কমেও ১৫খন গাঁও দেখা পোৱা যায়।

গাঁওখনৰ সকলো স্থানীয় কৰ্মকৰ্তাৰ হৈ কিগৱেমা যুৱ সংস্থাৰ সভাপতি  ভিবেইলেই ছালেই গাঁওখনত পৰিৱেশ সম্পৰ্কে সচেতনতা সৃষ্টি কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বন বিভাগক ধন্যবাদ জনায়। তেওঁ আৰু কয় যে গাঁওবাসীয়ে পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰি যাব।

উল্লেখ্য যে পদযাত্ৰা আৰু পৰিদৰ্শন কাৰ্যসূচীটোত কোহিমাৰ ডিএফঅ’ গৰাকীৰ উপৰিও কোহিমা ফৰেষ্ট ৰেঞ্জৰ কৰ্মচাৰী, কিগৱেমা যুৱ সংস্থা আৰু স্থানীয় কাৰ্য নিৰ্বাহকসকলেও যোগদান কৰিছিল।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd