• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

নাগালেণ্ডৰ নিৰ্বাচনে ডাঙৰ সকাহ দিলে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক

NE NOW NEWS দুৰ্লভ গগৈ
গুৱাহাটী , February 28, 2018 7:43 pm

3 min read

Nagaland
75
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰিত প্ৰায় মসৃণভাৱে আৰু ব্যাপক সংখ্যক নাগা ৰাইজৰ সঁহাৰিৰ (৭৫ শতাংশ ভোটদানলৈ মনত পেলাব পাৰি) মাজেৰে সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনে এক ডাঙৰ সকাহ দিলে কেন্দ্ৰীয় চৰকাৰৰ লগতে নিৰ্বাচন আয়োগক। দৰাচলতে নিৰ্বাচনৰ মাত্ৰ কেইদিন মান আগলৈকে এন এছ চি এন (আই এম) আৰু নাগা হো হো বিলাকৰ ক’ৰ কমিটিৰ দাবী তথা আহ্বানে সৃষ্টি কৰা ৰাজনৈতিক অচলাৱস্থাৰ কোনো প্ৰভাৱ দেখা নগ’ল এই নিৰ্বাচনত। নিম্নতম বিক্ষিপ্ত ঘটনাৰ বাদে নিৰ্বাচনী হিংসা নাছিল বুলিব পাৰি।

এই নিৰ্বাচনৰ মাজেৰে নাগা ৰাইজে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰিলে, কেৱল সেয়ে নহয়। নাগালিম দাবীত আঁকোৰগোজ হৈ থকা নাগা সংগঠনবোৰ, বিশেষকৈ এন এছ চি এন (আই এম) আৰু নাগা হোহো বিলাকৰ গ্ৰহণযোগ্যতা সম্পৰ্কতো এক প্ৰশ্ন থিয় কৰাইছে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ কেইদিনমানৰ পিছতে নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে (CCNTHCO) বৈঠকত মিলিত হৈ সকলোকে নাগালিমৰ প্ৰসংগটোৰ চয়-নিশ্চয় নোহোৱা পৰ্য্যন্ত নিৰ্বাচনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। একেই দাবী কৰিছিল ৰাজ্যখনৰ শক্তিশালী বিদ্ৰোহী সংগঠন এন এছ চি এনেও।

এই আহ্বানৰ প্ৰতি সঁহাৰি দি প্ৰথম অৱস্থাত ৰাজ্যখনৰ ১১টাকৈ (বিজেপি, কংগ্ৰেছকে ধৰি আটাইবোৰ দল) দলৰ প্ৰতিনিধিসকল নিৰ্বাচন বৰ্জনৰ সিদ্ধান্তত উপনীত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত প্ৰথমে বিজেপি সেই স্থিতিৰ পৰা আঁতৰি আহে। দলটোৱে উক্ত বৈঠকত উপস্থিত থাকি এই সম্পৰ্কীয় বিবৃতিত চহী কৰা দলৰ নেতাজনক নিলম্বনো কৰে। ইয়াৰ পিছতে ক্ৰমে এন পি এফ, কংগ্ৰেছকে ধৰি বাকীবোৰ দলো সেই স্থিতিৰ পৰা আঁতৰি আহে।

নিৰ্বাচন বৰ্জনৰ ভাবুকি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বুলি জনাইছিল যে সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা সাংবিধানিক দায়িত্ব আৰু ইয়াক এৰাই চলাৰ অৰ্থ হ’ব সংবিধান অৱমাননাৰ সমান।

আনহাতে নিৰ্বাচন বৰ্জনৰ ভাবুকিৰ মাজতে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰিত সমগ্ৰ নাগালেণ্ড বন্ধৰ আহ্বান জনাইছিল নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই বন্ধৰ প্ৰতিও নাগা ৰাইজৰ সঁহাৰি তেনেই কুহুমীয়া আছিল। অৱশেষত নিজৰ স্থিতি ত্যাগ কৰাই নহয়, নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিখনেই  (CCNTHCO) ভংগ কৰি দিয়া হয়।

যোৱা ২৭ ফেব্ৰুৱাৰিত নাগা ৰাইজে স্বতঃস্ফূৰ্ত ভোটদানৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰতি প্ৰতি যি নিঃসংকোচ তথা নিৰ্ভীক মনোভাব প্ৰদৰ্শন কৰিলে, তালৈ চাই নাগা ৰাইজৰ আৱেগ-অনুভূতি আৰু নাগা সশস্ত্ৰ বিদ্ৰোহী তথা নাগা হো হো বিলাকৰ উপলব্ধিৰ মাজত বিৰাট পাৰ্থক্য থকা যেন ভাব হৈছে।

সেয়া যি নহওক সাধাৰণ নাগা ৰাইজে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বাবে এটা ডাঙৰ কাম কৰিলে। যিটো কাম হয়তো শতাধিক সামৰিক বাহিনীৰ কোম্পানীয়েও কৰিব নোৱাৰিলে হেঁতেন।

কিয়নো, নিৰ্বাচন পাতিব নোৱৰাটো নিৰ্বাচন আয়োগ তথা কেন্দ্ৰীয় চৰকাৰৰ বাবে এটা নজিৰ বিহীন লজ্জাৰ ঘটনা হ’ল হেঁতেন। আনহাতে নিৰ্বাচনত ব্যাপক হিংসা হোৱাৰ বাৰ্তা এয়ে হ’ল হেঁতেন যে নাগা ৰাইজে নিৰ্বাচন বিচৰা নাছিল, জোৰ কৰি জাপি দিয়া হ’ল। এতিয়া দুয়োটা অপবাদৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা নিৰ্বাচন আয়োগ মুক্ত হ’ল।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd