নাগালেণ্ডৰ বনাঞ্চলসমূহত জীৱকূলৰ ওপৰত চাপ বৃদ্ধি পাইছে

নাগালেণ্ডৰ বন বিভাগে দেওবাৰে জাৰি কৰা এখন গোহাৰি পত্ৰত ৰাজ্যখনৰ বন্যপ্ৰানীসমূহ সংৰক্ষণৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

নাগালেণ্ডৰ বন বিভাগৰ বন্যপ্ৰানী শাখাৰ প্ৰধান মুখ্য বন সংৰক্ষক সত্য প্ৰকাশ ত্ৰিপাঠিয়ে এক বিবৃতিত কয় যে সময়ৰ লগে লগে জনসংখ্যা বৃদ্ধিৰ কাৰণে বনাঞ্চলসমূহত তাৎপৰ্যপূৰ্ণ ভাৱে জীৱকূলৰ ওপৰত চাপ বৃদ্ধি পাইছে।

পৰিৱেশ সুৰক্ষাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বনাঞ্চলসমূহে বিশেষ ভূমিকা পালন কৰি আহিছে। মানুহ আৰু জীৱ-জন্তু সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বনাঞ্চল ওপৰত নিৰ্ভৰ কৰে। ত্ৰিপাঠিয়ে উল্লেখ কৰে যে নাগালেণ্ডত বনাঞ্চলৰ ৮৮.৩ শতাংশ ব্যক্তি বা সম্প্ৰদায়ৰ নিয়ন্ত্ৰণত থকাৰ বিপৰীতে বাকী ১১.৭ শতাংশ বনাঞ্চলহে চৰকাৰৰ নিয়ন্ত্ৰণত আছে।

চৰকাৰে স্বীকাৰ কৰিছে যে ব্যক্তিগত বনাঞ্চলসমূহৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰৰ অতি সীমিত নিয়ন্ত্ৰণৰ ভূমিকাহে ৰৈছে। ‘’অতীজৰে পৰা ৰাজ্যখনৰ প্ৰশাসন আৰু জনসাধাৰণে সামুহিক বনাঞ্চলসমূহৰ সংৰক্ষণ আৰু তদাৰকৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। ৰাজ্যখনত বনাঞ্চল তথা বন্যপ্ৰানী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ তুলনাত সম্প্ৰদায়ে বৃহৎ ভূমিকা পালন কৰি আহিছে,’’ – ত্ৰিপাঠিয়ে কয়।

প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে কয় যে বন্যপ্ৰানীৰ অৱস্থিতি একন ভাল বনাঞ্চলৰ বাবে উত্তম সূচক আৰু একেদৰে ইয়াত পোৱা পৰ্যাপ্ত গছ-গছনি, খৰি, ঔষধি গছসমূহ মানুহৰ বাবে উপযোগী। অতি তাৎপৰ্যপূৰ্ণ ভাৱে অতীজৰে পৰা পৰম্পৰাগতভাৱে নাগালেণ্ড এখন চিকাৰীৰ ৰাজ্য হিচাপে পৰিচিত যদিও তেওঁ কয় যে বৰ্তমান জনসাধাৰণে বন্যপ্ৰানীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে আৰু তেওঁলোকে বন্য জন্তু উদ্ধাৰ কৰি আৰু বন্যজন্তু আৰু চ’ৰাই দান কৰিছে যিবোৰ ৰঙা পাহাৰৰ থকা নাগালেণ্ড জুলজিকেল পাৰ্ক আৰু কোহিমাৰ ট্ৰেগপান প্ৰজনন কেন্দ্ৰত ৰখা হৈছে।

বন বিভাগৰ তৰফৰ পৰা পি চি চি এফ গৰাকীয়ে জনসাধাৰণ, চৰকাৰী বিষয়া, গাওঁ পৰিষদ,সেনা আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ বিষয়া, ছাত্ৰ-ছাত্ৰী,বেচৰকাৰী সংস্থা আৰু অন্যান্য সংশ্লিষ্ট পক্ষক বন্যপ্ৰানীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

তেওঁ লগতে গাওঁ পৰিষদসমূহক চিকাৰৰ ক্ষেত্ৰত সময়কালীন নিষিদ্ধকৰণৰ বিপৰীতে গোটেই বছৰটোৰ বাবে বন্যজন্তুৰ চিকাৰ নিষিদ্ধ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।