নাগালেণ্ড আৰু মেঘালয়তো বিজেপিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা

Meghalaya Chief Minister Mukul Sangma

ত্ৰিপুৰাত চৰকাৰ গঠন এক প্ৰকাৰ নিশ্চিত হোৱাৰ পিছত বিজেপিয়ে নাগালেণ্ড আৰু মেঘালয়তো চৰকাৰ গঠন বা চৰকাৰৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা দেখা পাইছে। মেঘালয়ত এই পৰ্য্যন্ত কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰা অৱস্থাত নাই যদিও ৰাজ্যখনত শাসনাধিষ্ঠিত কংগ্ৰেছ বিপৰ্য্যয়ৰ মুখামুখি হ’ব পাৰে।

মেঘালয়ত এই পৰ্য্যন্ত (আবেলি ২.৩০ বজা) কংগ্ৰেছে মাত্ৰ ২৩খন আসনতহে অগ্ৰগতি লাভ কৰি আছে। ইয়াৰ বিপৰীতে এ পি পিয়ে ১৫, বিজেপিয়ে ৪ আৰু অন্যান্যই ১৭খন আসনত অগ্ৰগতি লাভ কৰি আছে। যদি ৰাজ্যখনত এন পি পিৰ নেতৃত্বত এখন কংগ্ৰেছ বিৰোধী চৰকাৰ হয়, তেন্তে বিজেপি এই চৰকাৰৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে এন পি পি হ’ল বিজেপিৰ মিত্ৰ দল। গতিকে বিজেপি আৰু এন পি পিৰ মুঠ ১৯খনত অগ্ৰগতি হৈ আছে। আনহাতে অন্যান্যই ১৮ খন আসনত অগ্ৰগতি পাই আছে যদিও এই অন্যান্যত অন্তৰ্ভুক্ত দলবোৰৰ বেছিভাগেই যিকোনো এটা দলৰ সৈতে চৰকাৰ গঠনত অংশীদাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

মুকুল চাংমাই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা আমপাতি আৰু চাংচাক সমষ্টিৰ পৰা জয়ী হ’লেও বিগত নিৰ্বাচনৰ তুলনাত তেওঁৰ দলে ভালেকেইখন আসন কম লাভ কৰাৰ সম্ভাৱনা আছে। বিগত ২০১৩ চনৰ নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছে ২৮খন আসন লাভ কৰিছিল।

আনহাতে এন পি পিয়ে বিগত নিৰ্বাচনত মাত্ৰ ২খন আসন জয়লাভ কৰিছিল। কিন্তু দলটোৱে এইবাৰ চমৎকাৰ সফলতা দেখুৱাই ১৫খনত অগ্ৰগতি লাভ কৰি আছে।

একেদৰে নাগালেণ্ডতো এন ডি পি পিৰ সৈতে থকা মিত্ৰতাৰ সুবাদত চৰকাৰ গঠন  কৰিবলৈ গৈ আছে বিজেপি দলে। ৰাজ্যখনত নৱগঠিত এন ডি পি পিয়ে এই পৰ্য্যন্ত (আবেলি ২.৩০ বজা) ৩১খন আসনত অগ্ৰগতি লাভ কৰি আছে। তাৰ পৰিৱৰ্তে শাসনাধিষ্ঠিত এন পি এফে মাত্ৰ ২৫ খনতহে অগ্ৰগতি পাই আছে।