DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ড বিধানসভা নিৰ্বাচনত অংশগ্ৰহণৰ কথা ঘোষণা বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2018 9:47 am
BJP-570x320
62
VIEWS
Share on FacebookShare on Twitter

নিত্য নতুন মোৰ লোৱা নাগালেণ্ডৰ ৰাজনীতিত শেহতীয়াকৈ আন এক মোৰ দেখা গৈছে। ৰাজ্যখনৰ সকলো দলৰ প্ৰতিনিধিয়ে আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰ বাবে সহমতত উপনীত হৈ এই সম্পৰ্কীয় যুটীয়া বিবৃতিত চহী কৰাৰ ২৪ ঘণ্টাৰ পিছতে উক্ত বিবৃতিটোত স্বাক্ষৰকাৰী তেওঁলোকৰ নেতা খেতো চেমাক বিজেপিয়ে নিলম্বিত কৰিছিল। তাৰ কেইঘণ্টামানৰ পিছতে আজি বিজেপিয়ে নাগালেণ্ড বিধানসভা নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে। এই পটভূমিত সিদিনা যুটীয়া বিবৃতিত স্বাক্ষৰকাৰী আন বিলাক দলৰো স্থিতি লক্ষণীয় পৰ্য্যায়ত আছে।

নাগালেণ্ড বিজেপিয়ে এই ঘোষণা কৰিছ ৰাজ্যখনৰ নিৰ্বাচনী দায়িত্বত থকা তথা কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে বিষয়টো নিজৰ স্থিতি প্ৰকাশৰ পিছতে। ৰিজিজুৱে কালি কৈছিল যে নিৰ্বাচন হ’ল এটা সাংবিধানিক প্ৰক্ৰিয়া আৰু কেন্দ্ৰীয় চৰকাৰ সংবিধানৰ দ্বাৰা পৰিচালিত। লগতে তেওঁ নিৰ্বাচন বৰ্জন নাগা সমস্যা সমাধানৰ পথ নহয় বুলিও মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে ৬০ খন আসন থকা নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত পতাৰ কথা দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যদিও যোৱা ২৯ জানুৱাৰিত ৰাজ্যখনত থকা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ১১টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্তত স্বাক্ষৰ কৰিছিল। তেওঁলোকে নিৰ্বাচনৰ পূৰ্বেই নাগা ৰাজনৈতিক সংকটৰ সমাধান হ’ব লাগে বুলি দাবী কৰি এই সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ কৰিছিল।

আজি নিৰ্বাচনী অধিসূচনা জাৰি হ’ব লগীয়া ৰাজ্যখনৰ ৰাজনীতিত বিজেপিৰ এই স্থিতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত সত্ত্বেও অধিসূচনা জাৰি তথা সংবিধানৰ নিয়মৰ দোহাই দি নিৰ্বাচন প্ৰক্ৰিয়াটো দেশৰ নিৰ্বাচন আয়োগে অব্যাহত ৰাখে তেতিয়া আন আন দলবিলাকৰ স্থিতিও লক্ষণীয় হ’ব। বিজেপিয়ে নিৰ্বাচন খেলাৰ এই সিদ্ধান্ত লোৱাৰ লগে লগে ইয়াৰ মিত্ৰ দল তথা বৰ্তমান শাসনত থকা এন পি এফৰ স্থিতি পৰৱৰ্তী কেই ঘণ্টামানত বেচ লক্ষণীয় হ’ব। লগতে এন এছ চি এন (এম) তথা শীৰ্ষ নাগা হোহো বিলাকৰ ভূমিকাও মন কৰিব লগীয়া হ’ব।

Recent News

Tejashwi Yadav

দেশত একনায়কত্ববাদ চলিছে নেকি! বিজপিক বাক্যবাণ তেজস্বী যাদৱৰ

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

Rani Mukerji visits Kamakhya

৪৫ বছৰত বলীউডৰ ‘ৰাণী’: কামাখ্যাত ল’লে আশীৰ্বাদ

Biswajit Hazarika murder case

বিশ্বজিৎ হাজৰিকা অপহৰণ-হত্যাকাণ্ড গোচৰ: বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd