নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ২৫৩গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

Representative picture

এন এছ চি এন(আই-এম), এন জি পি জিকে ধৰি বহু কেইটা দল-সংগঠনে নাগালেণ্ড বিধানসভা বৰ্জন কৰিবলৈ দিয়া আহ্বানৰ পিছতো নাগালেণ্ডত নিৰ্বাচন অনুষ্ঠিত হোৱাটো একপ্ৰকাৰ খাতাং হৈ পৰিল।

লক্ষ্যণীয় যে যোৱা ৩১ জানুৱাৰিতে ৰাজ্যখনত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছিল। অধিসূচনা জাৰি কৰাৰ পিছতো প্ৰথম ছয়দিনত কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্ৰ দাখিল কৰা নাছিল। কিন্তু মনোনয়ন দাখিলৰ অন্তিমদিনা ৰাজ্যখনত দেখা গ’ল বিৰল দৃশ্য। মুঠ ৬০টা বিধানসভা সমষ্টিৰ বাবে মুঠ ২৫৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা পৰিলক্ষিত হ’ল।

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই জানিবলৈ দিয়া অনুসৰি ২২ জন প্ৰাৰ্থীয়ে মঙলবাৰে মনোনয়ন দাখিল কৰিছিল। আৰু অন্তিম দিনাখন ২৩১গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে।

জানিব পৰা মতে মোকোকছুং জিলাখনত সৰ্বাধিক ৪৮ গৰাকী আৰু তাৰ পিছতে মন জিলাত ৪১গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। আনহাতে সবাটোকৈ কম ৩ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে পুঘোবট মহকুমাত।

মনোনয়ন পত্ৰ সমূহ বৃহস্পতিবাৰে পৰীক্ষা-নিৰীক্ষা কৰিব আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন হ’ল ১২ ফেব্ৰুৱাৰি।

নিৰ্বাচনী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাজ্যখনৰ মুঠ ৯ টা ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দলকেইটা হ’ল NPF, NDPP, NPP, BLP, INC, JD(U), LIP, NCP আৰু AAP।  অৱশ্যে দলীয় প্ৰাৰ্থীৰ বাদে নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰা দেখা যায়।

নিৰ্বাচন সন্দৰ্ভত ডিমাপুৰ উপায়ুক্ত আৰু ডিইও সুশীল কুমাৰ পেটেলে জানিবলৈ দিয়ে যে ডিমাপুৰ জিলাখনত ২ লাখ নিৰ্বাচকমণ্ডলীয়ে ৩২৩ টা ভোটকেন্দ্ৰত ভোটদান সূচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে চোকা নজৰ ৰাখিব।

ইয়াৰ উপৰি জিলাখনত ১৬ টা পেৰামিলিটেৰী বাহিনী মোতায়েন কৰিব বুলিও জনায় ডিইও সুশীল কুমাৰ পেটেলে।

আনহাতে সকলো ভোটকেন্দ্ৰতে এশ শতাংশই ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব বুলি বুধবাৰে জানিবলৈ দিয়ে। ডিইও পেটেলে ৰাজ্যবাসীৰ সকলো লোককে মনত কোনো শংকা নোহোৱাকৈ ভোটদান কৰিবৰ বাবে আহ্বান জনায়।

ইফালে বুধবাৰে মনোনয়ন দাখিলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছিল কহিমাৰ উত্তৰ আংগামী-২ সমষ্টিত। NPFৰ প্ৰাৰ্থীয়ে যাতে মনোনয়ন দাখিল কৰিব নোৱাৰে তাৰ বাবে নেইফিঅ’ ৰিঅ’ৰ সমৰ্থকে কিছু সময় ধৰি ৰাজপথ অৱৰোধ কৰে। কিন্তু কিছু সময় পিছত প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয়।

স্মৰ্তব্য যে এন এছ চি এনে(আই-এম) বিবৃতি জাৰি কৰি প্ৰকাশ কৰিছিল যে নাগালেণ্ড বিধানসভা নিৰ্বাচন বৰ্জন কৰা সিদ্ধান্তক যদি কোনোবাই অমান্য কৰে তেন্তে সংগঠনে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। তাৰোপৰি যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সংগঠনটোৰ সকলো সদস্যকে সম্পূৰ্ণ সাজু হৈ থাকিবলৈ আহ্বান জনাইছিল।

এতিয়া ৰাজ্যখনত কেনে পৰিস্থিয়ে বিৰাজ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।