• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

নাগালেণ্ডত পুনৰ ৬ মাহলৈ বঢ়াই দিয়া হ’ল আফ্স্পাৰ ম্যাদ

NE NOW NEWS এন ই নাও নিউজ
ক’হিমা , January 2, 2018 7:33 pm

2 min read

নাগালেণ্ডত পুনৰ ৬ মাহলৈ বঢ়াই দিয়া হ’ল আফ্স্পাৰ ম্যাদ
113
VIEWS
Share on FacebookShare on Twitter

যোৱা ৩০ দিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ নাগালেণ্ডতে পুনৰ এবাৰ ‘অশান্ত অঞ্চল’ অাইনৰ ম্যাদ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰ্কাৰে।

আফ্স্পা (Armed Forces Special Powers Act)ৰ অধীনত ছমাহৰ বাবে ইয়াক বঢ়াই দিয়া হৈছে। উল্লেখ্য যে স্থানীয় লোকে নৃশংস বুলি বিবেচনা কৰা এই আইনে নিৰাপত্তা বাহিনী সমূহক কোনো আগতীয়া জাননী নিদিয়াকৈ যিকোনো স্থানতে অভিযান চলোৱাৰ ক্ষমতা প্ৰদান কৰে।

কেন্দ্ৰীয় গৃ্হ বিভাগে গেজেত জাননীযোগে জনোৱা অনুসৰি নাগালেণ্ডৰ সকলো ঠায়ে তেওঁলোকৰ মতে ‘এনে এক অশান্ত আৰু বিপজ্জনক অৱস্থাত’ আছে যে ৰাজ্যখনত অসামৰিক শক্তিৰ সহযোগত সশস্ত্ৰ বাহিনীৰ ব্যৱহাৰ প্ৰয়োজনীয়।

বিবৃতিটোত লগতে কোৱা হৈছে যে, ‘বৰ্তমান সেয়ে, আফ্স্পা (Armed Forces Special Powers Act, 1958)ৰ ৩ নং ধাৰাই প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি উল্লেখ কৰা ৰাজ্যখনৰ সকলো অঞ্চলকে ৩০ দিচেম্বৰ, ২০১৭ৰপৰা কাৰ্যকৰী হোৱাকৈ ছমাহৰ বাবে অশান্ত অঞ্চলৰূপে কেন্দ্ৰীয় চৰ্কাৰে ঘোষণা কৰে।’

ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৩০ জুনত ছমাহৰ বাবে বঢ়াই দিয়া আইনখনৰ সময়সীমা যোৱা ৩০ দিচেম্বৰত অন্ত পৰিছিল।

বিভাগীয় সূত্ৰই দাবী কৰা অনুসৰি নাগালেণ্ডৰ বিভিন্ন ঠাইত ‘হত্যা, লুটপাট আৰু ধনদাবী’ চলি থকাৰ বাবেই এই অশান্ত অঞ্চল আইনৰ ম্যাদ বঢ়াই দিয়া হৈছে।

যোৱা বহু দশকজুৰি নাগালেণ্ডত এই অশান্ত অঞ্চল আইন বলবৎ হৈ আহিছে। এন এচ চি এন-আই এমৰ সচিব থুইগালেং মুইভা আৰু চৰ্কাৰী আলোচনাকাৰী আৰ এন ৰৱিৰ মাজত নৰেন্দ্ৰ মোদিৰ উপস্থিতিত ২০১৫ চনৰ ৩ আগস্তত স্বাক্ষৰিত হোৱা ফ্ৰে’ইমৱৰ্ক এগ্ৰীমেন্তৰ পিছ্তো ইয়াক বাতিল কৰা হোৱা নাছিল।

১৮ বছৰ ধৰি হোৱা ৮০ লানি আলোচনাৰ পাছত নাগালেণ্ডৰ উগ্ৰপন্থী বহু দশক্জোৰা কাৰ্যকলাপৰ অন্তত প্ৰথমবাৰৰ বাবে ১৯৯৭ চনত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd