সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে আজি মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত যুৱ ছাত্ৰ পৰিষদে জোঁৰ সমদল বাহিৰ কৰে।
উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ নেতৃত্বত আজি মুখ্য মন্ত্ৰীৰ সমষ্টিত কেইবাটাও সংগঠনে নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে হাতে হাতে জোঁৰ লৈ বিধেয়কৰ বিৰোধিতা কৰি মাজুলীৰ বনগাঁৱৰ পৰা এক বিশাল সমদল উলিয়াই। লগতে এই প্ৰতিবাদী সমদলৰ জৰিয়তে গাঁৱে গাঁৱে সোমাই সমদলকাৰীয়ে ৰাইজক সচেতন কৰি তোলাৰ লগতে বিধেয়কৰ বিৰুদ্ধে ঠিয় হ’বলৈ আহ্বান জনায়। প্ৰতিবাদী জোঁৰ সমদলটোত হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰে।
আজিৰ জোঁৰ সমদলটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ কেইবা শতাধিক সদস্যই ভাগ লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গান দি ৰাজপথ কঁপাই তোলে। লগতে প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে স্থিতি স্পষ্ট স্পষ্ট কৰাৰো দাবী জনায়।