নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বোকাজানত আছুৰ উদ্যোগত দল-সংগঠনৰ প্ৰতিবাদ

AASU protest against citizenship bill

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখা সদৌ অসম ছাত্ৰ সন্থাই আজি স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত বোকাজানত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে।

প্ৰতিবাদকাৰী সকলে হাতে-হাতে প্লে’কাৰ্ড বেনাৰ লৈ বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আছুৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই কয়, ‘বিধেয়কখনৰ বিৰুদ্ধে জনসাধাৰণে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে। অসমৰ ৰাজনৈতিক ভৱিষ্যত আৰু ইয়াৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা, পৰিচয়, ভূমি আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ বিধেয়কখনৰ বিৰুদ্ধে দল-সংগঠন আৰু ৰাইজ ঐক্যবদ্ধভাৱে থিয় দিছে।’

তেওঁ আৰু কয়, ‘বাংলাদেশৰ পৰা অহা বঙালী শৰণাৰ্থীসকলৰ আগ্ৰাসনত প্ৰায় নিশ্চিহ্ন হৈ পৰা ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ দৰে আমাৰো একে অৱস্থা হ’ব বুলি ভাবি আমি শংকিত হৈ পৰিছো।’

‘ই কেৱল যে আমাৰ অধিকাৰসমূহ হে খৰ্ব কৰিব এনে নহয়, ইয়াৰ লগতে আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতিও সংকট নমাই আনি বিধেয়কখনে ৰাজ্যখনৰ জনগোষ্ঠীয় গাঁঠনিটোকে সলনি কৰি পেলাব।’-তেওঁ লগতে কয়।

প্ৰতিবাদী সমদলত কাৰ্বি ছাত্ৰ সন্থা, ছাত্ৰ আৰু যুৱ পৰিষদ, কৰ্মচাৰী পৰিষদ, ভোজপুৰি পৰিষদ, বহুকেইটা মহিলা সংগঠনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।