নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭ জুনৰ পৰা ৰাজ্যজুৰি অগপৰ শংখনাদ

01-06-18 Guwahati- AGP Pmt (1)

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আঞ্চলিক দল অসম গণ পৰিষদে। আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে মনোজ শইকীয়া আৰু সত্যব্ৰত কলিতাই কয় যে দলে অহা  ৭ জুনৰ পৰা ৰাজ্যজুৰি শংখনাদ কাৰ্যসূচী ৰূপায়ণ কৰিব।

৭ জুনত বঙাইগাঁও চহৰৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব। সিদিনা বঙাইগাঁও চহৰত দলৰ কৰ্মী, শুভাকাংক্ষী, বিশিষ্ট লোক ৰাজপথলৈ ওলাই আহি শংখ, দবা, কাঁহ-তাল বজাই গণ হুংকাৰ দিব আৰু তাৰ পৰৱৰ্তী দিনত বিভিন্ন জিলা সদৰত একেই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

আনহাতে, ৰাইজৰ ব্যাপক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি গণ স্বাক্ষৰ কাৰ্যসূচী ১৫ দিনলৈ বৃদ্ধি কৰাৰ কথা নেতাকেইজনে সংবাদমেলত ঘোষণা কৰে। উল্লেখযোগ্য যে ১২ মে’ৰ পৰা ৩০ মে’লৈ  গণ স্বাক্ষৰ কাৰ্যসূচীৰ দিন ধাৰ্ কৰা হৈছিল। কিন্তু ৰাইজৰ সঁহাৰি বৃদ্ধি পোৱালা লক্ষ্য কৰি ১৫ জুনলৈ উক্ত কাৰ্যসূচীৰ দিন বৃদ্ধি কৰা হৈছে।

অগপ দলৰ জিলা সমিতিকে ধৰি সকলো সাংগঠনিক গোট, ভাতৃ-ভগ্নী সংগঠনসমূহকো উক্ত কাৰ্যসূচী ৰূপায়ণত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। ইফালে অগপ দল সন্দৰ্ভত বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কৰা মন্তব্যক উভতি ধৰি সংবাদমেলত অগপৰ নেতৃত্বই কয় যে প্ৰশান্ত ফুকন এজন হতাশাগ্ৰস্ত আৰু নিজ দলতে গুৰুত্বহীন হৈ পৰা বিধায়ক। ৰাজ্য সভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক ভোট দি দলত তদন্তৰ সন্মুখীন হৈ পদবী হেৰুওৱাৰ কথা বিধায়ক ফুকনে পাহৰিলে নেকি বুলিও প্ৰশ্ন কৰে।

তাৎপৰ্যপূৰ্ণভাৱে নেতাকেইজনে যদি সাহস আছে প্ৰশান্ত ফুকনে অগপক মন্ত্ৰীসভাৰ পৰা উলিয়াই দি জাতিধ্বংসী বিধেয়কখন গৃহীত কৰি দেখুৱাওক বুলিও সংবাদমেলত প্ৰত্যাহ্বান জনায়।