নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি : আজি গুৱাহাটী পাবহি যুটীয়া সংসদীয় সমিতি

Citizenship-Amendment-Bill-2016

প্ৰতিনিধিত্বমূলক ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সন্দৰ্ভত গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে বিভিন্ন দল-সংগঠনৰ শুনানি গ্ৰহণৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হ’ব। সমিতিৰ অধ্যক্ষ সাংসদ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত ১৭ জনীয়া প্ৰতিনিধি দল এটাই ৭ মে’ৰ পৰা ১১ মে’লৈকে গুৱাহাটী, শিলচৰ আৰু শ্বিলঙত বিভিন্ন দল আৰু প্ৰতিনিধিৰ মতামত গ্ৰহণ কৰিব।

জানিব পৰা মতে শুনানিত ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ বৰাক উপত্যকাত অধিক দল আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। শুনানিত অংশগ্ৰহণৰ বাবে আবেদন কৰাৰ অন্তিম দিন শনিবাৰৰ বিয়লি তিনি বজালৈ ধাৰ্য কৰা হৈছিল। শুনানিত অংশগ্ৰহণৰ বাবে আবেদন কৰা দল আৰু প্ৰতিনিধিৰ সংখ্যা গুৱাহাটীতকৈ শিলচৰত তিনিগুণ অধিক হৈছে।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত ৭মে’ৰ ৰাতিপুৱা ১০ বজাৰ পৰা শুনানি আৰম্ভ হ’ব। আনহাতে, শিলচৰত এনআই টিৰ সভাগৃহত অহা ৮ আৰু ৯ মে’ত অনুষ্ঠিত হ’ব।

এক সূত্ৰই জনোৱা মতে আজি গুৱাহাটীত আহি উপস্থিত হ’বলগীয়া যুটীয়া সংসদীয় সমিতিৰ দলটোৰ নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অহা ৭ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া শুনানিত অংশগ্ৰহণৰ বাবে অসমৰ প্ৰায় ১০০ টা দল আৰু বিভিন্ন ব্যক্তিয়ে আবেদন কৰিছে। আনহাতে, এই ক্ষেত্ৰত শিলচৰত অনুষ্ঠিত হ’বলগীয়া শুনানিত প্ৰায় ৩০০ টা দল আৰু বিভিন্ন প্ৰতিনিধিয়ে অংশগ্ৰহণৰ বাবে আবেদন কৰিছে।