নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গহপুৰ আৰু তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

APCC Protest_Gohpur

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত গহপুৰ আৰু তেজপুৰত কংগ্ৰেছে আজি পৃথকে পৃথকে প্ৰতিবাদী সমদল বাহিৰ কৰে। কেন্দ্ৰই হিন্দু বাংলাদেশীক সংস্থাপনৰ লক্ষ্যৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা ৰাজ্যৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো অংশতে হৈ থকাৰ সমান্তৰালভাৱে কংগ্ৰেছেও বিভিন্ন ঠাইত পৰ্য্যায়ক্ৰমে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্য্যসূচী লৈ আহিছে। আজি তাৰেই অংশ হিচাপে এই প্ৰতিবাদী সমদল উলিওৱা হৈছিল।

গহপুৰত প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে কেইবাজনো নেতাই অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীসকলে গহপুৰ চহৰৰ মাজেৰে এটা সমদল উলিয়ায়। সমদলক সম্বুধি দিয়া ভাষণত ৰিপুণ বৰাই বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

আনহাতে বিধেয়কখনৰ বিৰোধিতাত শোণিতপুৰ জিলা সাহিত্যিক সমাজেও সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে কয় যে এই বিধেয়কখন হ’ল অসমৰ থলুৱা লোকৰ নৃগোষ্ঠীয় পৰিচয়, সাংস্কৃতিক পৰিচয় আৰু ভাষাক ধ্বংস কৰিব। লগতে কয় যে অসমে আৰু কোনো বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই। সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় কমিটীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীয়ে জিলাৰ সভাপতি ভীমানন্দ তাঁতী আৰু হিৰণ্য বৰাৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্য্যসূচীটোত ৰাজ্যিক কমিটীৰ সদস্য নৱ তালুকদাৰ আৰু দিগন্ত চৌধুৰীয়েও অংশ গ্ৰহণ কৰে। সূত্ৰটোৱে জনোৱামতে, তেজপুৰ আৰু ডেপোতা ব্লক কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতাত গণস্বাক্ষৰ সংগ্ৰহ কৰে। দুদিনত প্ৰায় ১০ হাজাৰ লোকৰ স্বাক্ষৰ সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে। আজি এই স্বাক্ষৰ সম্বলিত বিৰোধিতাৰ পত্ৰখন শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ দাসৰ হাতত দিয়া হয়। সূত্ৰটোৱে জানিবলৈ দিয়া মতে, কংগ্ৰেছকৰ্মীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শৱদাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই ক’ৰ্ট চাৰি আলিত বিধেয়কখনৰ বিৰোধিতাৰে প্ৰচাৰপত্ৰ বিতৰণ কৰে।