অৱৰুদ্ধ পেলেষ্টাইনী ভূখণ্ড গাজাত ইজৰাইলৰ আক্ৰমণত আৰু ৭৫ জন পেলেষ্টাইনী লোক নিহত হয়। ইয়াৰ লগে লগে উপত্যকাত নিহত হোৱা মুঠ লোকৰ সংখ্যা ৩৬ হাজাৰ ১৭১ জন হৈছেগৈ।
তদুপৰি, যোৱা অক্টোবৰৰ পৰা এই আক্ৰমণত ৮১ হাজাৰৰো অধিক পেলেষ্টাইনী আহত হৈছে। বুধবাৰে (২৯ মে’) এক প্ৰতিবেদনত আনাডোলু সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।
প্ৰতিবেদন অনুসৰি, যোৱা অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক অভিযানত নিহত পেলেষ্টাইনীৰ সংখ্যা ৩৬,১৭১ লৈ বৃদ্ধি পাইছে বুলি অৱৰুদ্ধ ভূখণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰিছে।
লগতে পঢ়কঃ মহাত্মা গান্ধীক অসন্মান কৰাৰ অভিযোগ; প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এজাহাৰ দাখিল চলচ্চিত্ৰ নিৰ্মাতাৰ
এই আক্ৰমণত কমেও ৮১,৪২০ জন লোক আহত হোৱা বুলিও মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে।
ইজৰাইলৰ আক্ৰমণত যোৱা ২৪ ঘন্টাত ৭৫ জন লোক নিহত হোৱাৰ লগতে আন ৩৮৪ জন আহত হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। উদ্ধাৰকাৰীয়ে তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰাৰ বাবে এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আৰু ৰাজপথত আবদ্ধ হৈ আছে।
লগতে পঢ়কঃ জীৱনত সফলতা পাবলৈ এই ৫ টা বস্তু ত্যাগ কৰাটো জৰুৰী; জানি লওক চানক্যৰ পৰামৰ্শ
উল্লেখ্য যে ৭ অক্টোবৰত হামাছে সীমা অতিক্ৰম কৰি চলোৱা অভূতপূৰ্ব আক্ৰমণৰ পিছৰে পৰা ইজৰাইলে গাজা ষ্ট্ৰিপত নিৰন্তৰ বিমান আৰু স্থল আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ আক্ৰমণত চিকিৎসালয়, বিদ্যালয়, শৰণাৰ্থী শিবিৰকে ধৰি হাজাৰ হাজাৰ অট্টালিকা ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছে।