সামান্য পৰিমাণে সুৰা পান কৰিলে শৰীৰৰ বিশেষ ক্ষতি নহয়, বৰঞ্চ হৃদযন্ত্ৰৰ বাবেও উপকাৰী হ’ব পাৰে! বহুদিন ধৰি চলি আহিছে এনে ধাৰণা। সামাজিক মাধ্যমতো এই সন্দৰ্ভত বিভিন্ন ভিডিঅ’ আৰু দাবী দেখা যায়। আনকি বীয়েৰ, ৱাইন আৰু অন্যান্য সুৰাৰ প্ৰভাৱো শৰীৰৰ ওপৰত বেলেগ বেলেগ বুলি বহুতে বিশ্বাস কৰে। কিন্তু এই ধাৰণাক প্ৰত্যাহ্বান জনাইছে আমেৰিকাৰ এগৰাকী হৃদযন্ত্ৰৰ শল্য চিকিৎসকে। তেওঁৰ মতে, সুৰা যি প্ৰকাৰৰেই নহওক কিয়, ইয়াৰ সেৱনে শৰীৰৰ কোষৰ ক্ষতি কৰাৰ লগতে কেইবাবিধো কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।
আমেৰিকাৰ জৰ্জিয়া প্ৰদেশৰ ছাভানাৰ চিকিৎসক জেৰেমি লণ্ডনে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ’ত এই কথা প্ৰকাশ কৰিছে। ২৫ বছৰতকৈ অধিক সময় চিকিৎসা সেৱাৰ সৈতে জড়িত লণ্ডনে প্ৰশ্ন উত্থাপন কৰিছে যে পৰিমিত পৰিমাণে সুৰা পান কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি থকা দীৰ্ঘদিনীয়া ধাৰণাৰ প্ৰকৃত ভিত্তি কিমান?
চিকিৎসকগৰাকীৰ ব্যাখ্যা অনুসৰি, সুৰা শৰীৰত প্ৰৱেশ কৰাৰ পিছত যকৃতত ভাঙি প্ৰথমে এচিটেলডিহাইড আৰু পিছত এচিটেটলৈ ৰূপান্তৰিত হয়। এচিটেলডিহাইড হৈছে এবিধ বিষাক্ত পদাৰ্থ। ই শৰীৰৰ কোষৰ ডি এন এৰ ক্ষতি কৰিব পাৰে আৰু সেই ক্ষতি মেৰামতি কৰাৰ স্বাভাৱিক প্ৰক্ৰিয়াতো বাধা দিব পাৰে।
সুৰাক প্ৰথম শ্ৰেণীৰ কৰ্কটকাৰক পদাৰ্থ হিচাপে চিহ্নিত কৰাৰ আঁৰত এই ক্ষতিকাৰক প্ৰভাৱো এটা গুৰুত্বপূৰ্ণ কাৰণ। চিকিৎসক লণ্ডনৰ মতে, সুৰা পানৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে স্বাস্থ্যৰ বিপদো বৃদ্ধি পায়। বিশেষকৈ স্তন আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত সুৰা সেৱনৰ এনে কোনো নিৰ্দিষ্ট পৰিমাণ চিনাক্ত হোৱা নাই, যাৰ তলত থাকিলে এই বিপদ সম্পূৰ্ণৰূপে নোহোৱা হয়।
কিন্তু এসময়ত পৰিমিত সুৰা সেৱনক স্বাস্থ্যৰ বাবে উপকাৰী বুলি কিয় ভবা হৈছিল? দীৰ্ঘদিন ধৰি চলা কেইবাটাও পৰ্যবেক্ষণমূলক অধ্যয়নত দেখা গৈছিল যে পৰিমিত পৰিমাণে সুৰা পান কৰা লোকসকল কেতিয়াও সুৰা পান নকৰা লোকতকৈ কেতিয়াবা অধিক দিন জীয়াই থাকে। এনে অধ্যয়নৰ ফলাফলৰ পৰাই অল্প পৰিমাণৰ সুৰা সেৱনে স্বাস্থ্যৰ উপকাৰ কৰিব পাৰে বুলি ধাৰণা গঢ় লৈ উঠিছিল।
কিন্তু চিকিৎসক লণ্ডনৰ মতে, এই অধ্যয়নসমূহৰ ফলাফলত এটা গুৰুত্বপূৰ্ণ আসোঁৱাহ আছিল। আগতে সুৰা পান কৰা, কিন্তু পিছত অসুস্থতাৰ বাবে সেয়া এৰি দিয়া লোকসকলকো বহু অধ্যয়নত কেতিয়াও সুৰা পান নকৰা লোকৰ শাৰীত ৰখা হৈছিল। ফলত এই গোটৰ লোকসকলৰ স্বাস্থ্য তুলনামূলকভাৱে বেয়া দেখা গৈছিল। ইয়াৰ বিপৰীতে পৰিমিত সুৰা সেৱন কৰা লোকসকলৰ স্বাস্থ্য অধিক ভাল বুলি ভুল ধাৰণা সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল।
ইয়াৰ উপৰি আয়, শিক্ষাগত অৰ্হতা আৰু সামগ্ৰিক স্বাস্থ্যৰ দৰে বিষয়েও এনে অধ্যয়নৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। এই সকলোবোৰ দিশ বিবেচনাত ল’লে পৰিমিত সুৰা সেৱনৰ স্বাস্থ্যজনিত উপকাৰৰ দাবী অধিক দুৰ্বল হৈ পৰে বুলি মত প্ৰকাশ কৰিছে চিকিৎসকগৰাকীয়ে।
সুৰাই শৰীৰত কেনেদৰে প্ৰভাৱ পেলায়, সেয়া বুজিবলৈ জিনগত পাৰ্থক্যৰ ওপৰতো বিভিন্ন গৱেষণা চলোৱা হৈছে। চিকিৎসক লণ্ডনৰ মতে, এনে গৱেষণাত পৰিমিত সুৰা সেৱনে স্বাস্থ্য সুৰক্ষিত কৰে বুলি কোনো শক্তিশালী প্ৰমাণ পোৱা হোৱা নাই। বৰঞ্চ সুৰা সেৱনৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে স্বাস্থ্যৰ বিপদ বৃদ্ধি পোৱাৰ ইংগিতহে পোৱা গৈছে।





