নামভৰ্তি আৰু পৰীক্ষা মাচুলৰ বাবত শিক্ষানুষ্ঠানবোৰলৈ শিক্ষা বিভাগে মুকলি কৰি দিলে ১১৭.১৬ কোটি টকা

dhe-office-00

চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ সুযোগ দিয়া তথা পৰীক্ষাৰ মাচুল ৰেহাই দিয়াৰ আঁচনি ঘোষণা কৰাৰ ফলত বিদ্যালয়-মহাবিদ্যালয়বোৰত হোৱা উক্ত ঘাটি পূৰ কৰিবলৈ শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহলৈ ৬ ফেব্ৰুৱাৰিত একেদিনাই ১১৭.১৬ কোটি টকা মুকলি কৰি দিছে।

এই পৰিমাণৰ ভিতৰত উচ্চ শিক্ষা বিভাগে দৰিদ্ৰ পৰিয়ালৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়া নামভৰ্তিৰ বাবত ৩০৫ খন মহাবিদ্যালয়ে পাবলগীয়া সৰ্বাধিক ৭৪ কোটি টকা আছে।

জানিব পৰামতে ৩০৫খন মহাবিদ্যালয়ত মুঠ ২,৩৩,৪৫৬ গৰাকী আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তিৰ সুবিধা পাইছিল।

একে দৰে মাধ্যমিক শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়া নামভৰ্তি আৰু টিউশ্যন মাচুল ৰেহাইৰ বাবত শিক্ষানুষ্ঠানসমূহে পাবলগীয়া ৮.৯২ কোটিও ইয়াৰ মাজত আছে। মুঠ ১,০৯,০৮১ গৰাকী ছাত্ৰ-ছাত্ৰী এই স্তৰত উপকৃত হোৱা বুলি সূত্ৰটোৱে জনাইছে।

আনহাতে ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাচুল, কেন্দ্ৰ মাচুল ৰেহাইৰ বাবত শিক্ষানুষ্ঠানসমূহে পাবলগীয়া ৩৪.২৪ কোটি টকাও মুকলি কৰি দিয়ে শিক্ষা বিভাগে।

এইদৰে মুঠ ১১৭.১৬ কোটি টকা শিক্ষা বিভাগে একেদিনাই মুকলি কৰি দিয়া বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰতাই যাতে হেঙাৰ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিনামূলীয়া নামভৰ্তি আৰু পৰীক্ষাৰ মাচুল ৰেহাইৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছিল।