নিম্ন সদনত কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানৰ প্ৰসংগ উত্থাপন ৰমেন ডেকাৰ

BJP MP Ramen Deka

সাংসদ ৰমেন ডেকাৰ ফাইল ফটো

অসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ দাবী সমূহ পূৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে জনগোষ্ঠীকেইটাৰ লোকসকলৰ মাজত অব্যাহত আছে নানা ক্ষোভ-অসন্তুষ্টি। এনে সময়তে বুধবাৰে বিজেপি সাংসদ ৰমেন ডেকাই নিম্ন সদনৰ মজিয়াত কলিতা জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ প্ৰসংগ উত্থাপন কৰা দেখা গ’ল।

মঙলদৈৰ সাংসদ ডেকাই কালি লোকসভাৰ মজিয়াত সদনৰ ৩৭৭ নং বিধিৰ অধীনত কলিতা জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ বিষয়টো উত্থাপন কৰি বিষয়টো কেন্দ্ৰীয় চৰকাৰক অৱগত কৰায়।

এই বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰি ডেকাই কয় যে- কলিতাসকল হ’ল অসমৰ হিন্দু ধৰ্মালম্বী খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোকৰ নিজা ভাষা আৰু সংস্কৃতি আছে। কলিতাসকল প্ৰাচীন কালৰে পৰা কৃষি কৰ্মৰ লগত জড়িত। অসমীয়া সমাজ, সংস্কৃতি তথা ঐতিহ্য নিৰ্মাণৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

তেওঁ আৰু কয় যে ৰাজ্যখনৰ জনগাঁথনি পৰিৱৰ্তন তথা অন্য সামাজিক চাপৰ বাবে কলিতা জনগোষ্ঠীৰ লোকসকলে নিজৰ পৰিচয়ৰ সংকটত ভুগিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে সাংসদগৰাকীয়ে কলিতা জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ সদনত অনুৰোধ জনায়।

উল্লেখ্য যে কলিতা জনগোষ্ঠীয়ে বিগত বহু দিনৰে পৰা জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছিল যদিও আজি পোন প্ৰথমবাৰৰ বাবে এই বিষয়টো সদনৰ মজিয়াত সাংসদ ডেকাৰ জৰিয়তে উত্থাপন হোৱাৰ পিছতেই বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰা দেখা গৈছে।

আনহাতে সাংসদ ডেকাই এই বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত অহা দুমাহৰ ভিতৰত উত্তৰ দিব বুলিও জানিবলৈ দিয়ে।

কালি সদনত জনজাতিকৰণৰ প্ৰশ্ন উত্থাপন কৰা প্ৰসংগত কলিতা জনগোষ্ঠীৰ লোকসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিবাচক ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।