• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নির্বাচনৰ আগেয়ে সমাধান’ক লৈ নাগাসকলৰ মাজত ঘটা বিভাজন স্পষ্ট হৈ পৰিছে

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , February 1, 2018 6:42 pm

2 min read

A deserted street in Dimapur on Thursday.(1)
91
VIEWS
Share on FacebookShare on Twitter

‘নিৰ্বাচনৰ আগেয়ে নিষ্পত্তি’ ক লৈ নাগাসকলৰ মাজত ঐক্যমত নোহোৱাৰ কথাটো বৃহস্পতিবাৰে স্পষ্ট হৈ পৰিল। আনকি আগতে সম্পূৰ্ণ বন্ধ হৈ পৰা ডিমাপুৰ চহৰত আজি বন্ধৰ সমৰ্থনত এজন স্বেচ্ছাসেৱক বা ৰাইজৰ কোনো লোক ওলাই অহা দেখা নগ’ল। এইটোৱে বন্ধৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন নোহোৱাৰ কথাটোকে সূচাইছে।

ৰাজ্যখনৰ ভিতৰত তিনিখন জিলা ক্ৰমে পেৰেন, ঝুনেবুটো আৰু মোককচুঙতহে মাত্ৰ বন্ধৰ প্ৰভাৱ পৰিছিল। এই জিলা কেইখনত বন্ধৰ সময়ত কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।

ইয়াৰ মাজতে ডিমাপুৰ নাগা কাউন্সিলৰ সভাপতি টি বাংগাৰলবাই বন্ধটো সফল আৰু বিশেষত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ এই বন্ধটোক বিশেষত্বপূৰ্ণ বুলি কোৱাৰ কাৰণ হিচাপে কয় যে বন্ধটোত কোনো স্বেচ্ছাসেৱকে বলপূৰ্বকভাৱে বন্ধ কৰাৰ চেষ্টা কৰা নাই আৰু সফল এই কাৰণে যে বন্ধটো সকলো সমস্যাৰে মুল সমস্যা নাগা ৰাজনৈতিক সমস্যাৰ সমৰ্থনত আহ্বান দিয়া হৈছিল।

নাগা কাউন্সিলে বুধবাৰে এক বিবৃতিযোগে ইয়াৰ অন্তৰ্গত সংগঠনসমূহক কমেও ১০০ অংশগ্ৰহণকাৰী লৈ ডিমাপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে ১ বজাত প্ৰদৰ্শনৰ বাবে উপস্থিত হ’বলৈ আহ্বান জনাইছিল যদিও আয়োজকক বিপাঙত পেলাই কোনো এজন সদস্যই উপস্থিত নাথাকিল।

নাগা কাউন্সিলৰ সভাপতি গৰাকীয়ে কয় যে এয়া তেওঁলোকৰ সিদ্ধান্ত নহয় কিন্তু বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰা জাননীৰ বিৰুদ্ধে ৰাজ্যজুৰি বন্ধ পালনৰ বাবে যোৱা ২৯ জানুৱাৰীত নাগালেণ্ড ট্ৰাইবেল হ’হোছ আৰু নাগৰিক সংগঠনসমূহৰ কৰ্ণধাৰ সমিতিয়ে লোৱা সিদ্ধান্ত আছিল। সমিতিয়ে নাগা সমস্যাটোৰ সমাধান নিৰ্বাচনৰ আগতে কৰাৰ দাবী কৰিছিল আৰু তেতিয়ালৈকে নিৰ্বাচন পিছুওৱাৰ পোষকতা কৰিছিল।

কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন দাখিল কৰে তেতিয়াহ’লে তেওঁলোকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে সোধাত বাংগাৰলবাই কয় যে সংগঠনসমূহে দুই এদিনতে একেলগে বহি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব।

বিভিন্ন অজুহাত প্ৰদৰ্শন কৰি আংগামী পাব্লিক অ’ৰ্গেনাইজেশ্যন, ইষ্টাৰ্ণ নাগালেণ্ড পীপুলছ অ’ৰ্গেনাইজেশ্যন, লোথা হহো আৰু চাখেচাং পাব্লিক অ’ৰ্গেনাইজেশ্যনে বুধবাৰে বন্ধৰ সমৰ্থন নকৰে বুলি সিদ্ধান্ত প্ৰকাশ কৰিছিল।

আংগামী পাব্লিক অ’ৰ্গেনাইজেশ্যনে এখন বৈঠক অনুষ্ঠিত কৰাৰ পিছত এক বিবৃতিত তেওঁলোকৰ সিদ্ধান্ত প্ৰকাশ কৰি কৈছিল যে তেওঁলোকে কোনো ব্যক্তিক মনোনয়ন দাখিল কৰাৰ ক্ষেত্ৰত বাধাও নিদিয়ে বা সমৰ্থনো নকৰে আৰু লগতে আগন্তুক নিৰ্বাচন বৰ্জন নকৰে। সেয়েহে আংগামী অধ্যুষিত অঞ্চলত কোনো বন্ধৰ অনুমতি দিয়া নহয় বুলি তেওঁলোকে কৈছিল। তেওঁলোকে লগতে ৰাইজক বন্ধত অংশ গ্ৰহণ নকৰিবলৈয়ো আহ্বান জনাইছিল।

অৱশ্যে আংগামী যুৱ সংগঠনে বন্ধৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়াইছিল।

অন্যান্য সংগঠনৰ লগতে লোথা হ’হোয়ো বন্ধৰ প্ৰতি সমৰ্থন নজোনোৱাৰ কথা ব্যক্ত কৰিছিল।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd