নিৰ্বাচনী সমাৱেশত ভাগ লৈ মেঘালয়ৰ মহিলাৰ আত্মবিশ্বাসৰ শলাগ ল’লে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে

Irani_Meghalaya

মেঘালয়ৰ নিৰ্বাচনী সমাৱেশত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। ফটো : চাইদুল খান।

আজি মেঘালয়ত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমাৱেশত ভাগ লয়। বাংলাদেশ সীমান্তৰ দুলু আৰু গাৰো পাহৰৰ জিকজাক নামৰ ঠাইত ইৰাণীয়ে সমাৱেশত ভাষণ দিয়ে। তেওঁ বাংলাদেশ সীমান্তৰ দুলুত দলীয় প্ৰাৰ্থী কুৰোশ এন মাৰাকৰ হৈ প্ৰচাৰ চলায়। তেওঁৰ সৈতে সমাৱেশত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলীন কোহলিও আছিল। তেওঁ দুলুত স্বাস্থ্যসেৱাৰ অৱস্থা কেনে ধৰণৰ সেয়া বুজ ল’বলৈ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে।

বিশেষকৈ মহিলাসকলক সম্বোধন কৰি ইৰাণীয়ে মহিলাসকলৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা কৰে। তেওঁ ভাষণত মোদীয়ে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ মহিলাক বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ দিয়াৰ কথাটো উনুকিয়ায়।

‘ভাৰতৰ মহিলাসকলে পৰম্পৰাগত চৌকাত খাদ্য ৰান্ধি নিজৰ সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ অবিৰাম শ্ৰম কৰি আহিছে। মোদীজীয়ে তেওঁলোকৰ সমস্যা লাঘৱ কৰিবলৈকে দুখীয়া মহিলালৈ চিলিণ্ডাৰ আগ বঢ়োৱাৰ কথা চিন্তা কৰিছিল। কিন্তু উদ্যোগখণ্ডই দৰিদ্ৰজনে টকা দিব নোৱাৰিব বুলি দুঃচিন্তা প্ৰকাশ কৰাত মোদীজীয়ে চহকীসকলক তেওঁলোকে গেছ চিলিণ্ডাৰত পোৱা ৰাজসাহায্য প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিলে, যাতে তাৰ পৰা দুখীয়া আৰু অভাৱীসকল উপকৃত হ’ব পাৰে।’ ইৰাণীয়ে এইদৰে কয়।তেওঁ কয় যে এই পদক্ষেপৰ ফলত ১ কোটি লোকে তেওঁলোকৰ ৰাজসাহায্য প্ৰত্যাহৰ কৰে আৰু ফলস্বৰূপে ৩ কোটি মহিলা উপকৃত হয়।

আনহাতে বিজেপি নেত্ৰী গৰাকীয়ে নিজৰ ভাষণত মেঘালয়ৰ মহিলাসকলৰ আত্মবিশ্বাসৰো শলাগ লয়।

‘মেঘালয়ৰ সুকীয়া সংস্কৃতি আৰু পৰম্পৰা থকাৰ লগতে মহিলা আৰু শিশুসকলৰ মাজত দেখা আত্মবিশ্বাসে সঁচাকৈয়ে মুগ্ধ কৰে। আমাৰ দলে মহিলাৰ সবলীকৰণত বিশ্বাস কৰে আৰু মেঘালয়তো মহিলাসকলক আগুৱাই নিয়াৰ বাবে কাৰ্য্যসূচী ল’ব।’ এইদৰে কয় ইৰাণীয়ে।

উল্লেখযোগ্য যে মেঘালয়ত বিজেপিয়ে ৪৭ জন প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ২ গৰাকী মহিলাকহে টিকট দিছে। কংগ্ৰেছে সৰ্বাধিক ৭ গৰাকী আৰু এন পি পিয়ে ৫ গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে।

তেওঁ মেঘালয়ত মহিলাৰ সৰবৰাহ আৰু শ্বিলঙত থকা গৃহ মন্ত্ৰীৰ পুতেকৰ হোটেলতে এগৰাকী মহিলাক যৌন উৎপীড়ন কৰাৰ ঘটনাটোও উল্লেখ কৰে। তেওঁ কয় যে এজন গৃহ মন্ত্ৰীৰ দায়িত্ব হ’ল মহিলা আৰু শিশুক সুৰক্ষা দিয়া। কিন্তু মেঘালয়ত ইয়াৰ বিপৰীত হৈ আছে। মহিলাৰ স্থান সদায় উন্নত হৈ থকা মেঘালয়ত এনেকুৱা কাম লজ্জাজনক।

তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে যে যদিহে বিজেপি শাসনলৈ আহে মহিলাসকলৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত এটা মহিলা আৰক্ষী বাহিনী গঠন কৰা হ’ব। ‘মহিলাসকলৰ গৌৰৱ ঘূৰাই আনিব লাগিব আৰু মেঘালয় মহিলাৰ যাতে নিৰাপত্তা, সুৰক্ষা আৰু স্বাধীনতা থাকে সেইটো নিশ্চিত কৰিব লাগিব।’ তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা বছৰ মেঘালয়ৰ গৃহ মন্ত্ৰী এইচ্ছ ডি আৰ লিংডোৰ পুতেকৰ স্বত্ব থকা এখন হোটেলত এগৰাকী মহিলাৰ ওপৰত উৎপীড়নৰ ঘটনা সংঘটিত হৈছিল।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিৰ স্বাভাৱিক সুৰত কয় যে মুকুল চাংমাই ৰাজ্যখনত কেন্দ্ৰীয় আঁচনিবোৰ কাৰ্য্যকৰী কৰাত বাধাৰ সৃষ্টি কৰিছে। তেওঁ কংগ্ৰেছ চৰকাৰখনে মানুহক স্বাস্থসেৱা আগ বঢ়াব পৰা নাই বাবেই ইয়াৰ মানুহে কাষৰ বাংলাদেশত গৈ চিকিৎসা কৰাব লগা হৈছে বুলি কয়।