• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচন বিধি সন্দৰ্ভত নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৰ্বদলীয় বৈঠক

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , January 23, 2018 7:05 pm

2 min read

nagaland ceo

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া

92
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিত চিনহাই আজি এখন বৈঠকত ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলকে ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি-নিয়ম সম্পৰ্কে অৱগত কৰে। ক’হিমা জিলা উপায়ুক্ত কাৰ্য্যালয়ত বৈঠকখন অনুষ্ঠিত হৈছিল।

নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ পৰাই তাৎক্ষণিকভাৱে আদৰ্শ আচৰণ বিধি কাৰ্য্যকৰী হোৱা বুলি উল্লেখ কৰি নিৰ্বাচনী বিষয়া গৰাকীয়ে নিৰ্বাচন আয়োগে এজন প্ৰাৰ্থীৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সৰ্বোচ্চ নিৰ্বাচনী ধন ব্যয়ৰ ২০ লাখ টকাৰ সীমা মানি চলিবলৈ সকলো ৰাজনৈতিক দলকে জাননী দিয়ে।

তেওঁ লগতে কয় যে প্ৰতিটো সমষ্টিৰ বাবে ৱিডিঅ’ দলৰ সৈতে এজনকৈ ৰাজ্যখনত মুঠ ২২ জন নিৰ্বাচন পৰ্য্যৱেক্ষক থাকিব। তাৰোপৰি বিভিন্ন তালাচী চকীত চিচিটিভি সংস্থাপন কৰাৰ বিষয়েও তেওঁ অৱগত কৰে।

চিনহাই জনাই যে দলীয় নিৰ্বাচন ব্যয়ৰ ক্ষেত্ৰত কোনো বাধানিষেধ নাই যদিও এই সন্দৰ্ভত দলসমূহে আয়োগক তেওঁলোকৰ হিচাপ দাখিল কৰিব লাগিব।

তেওঁ প্ৰাৰ্থীসকলে নিজা নিজা জিলা প্ৰশাসনৰ কাৰ্য্যালয়ত দিনৰ ১১ বজাৰপৰা ৩ বজালৈকে মনোনয়ন দাখিল কৰিব পাৰিব বুলি জনোৱাৰ লগতে সকলো প্ৰয়োজনীয় নথিৰ বাবে নিৰ্বাচন আয়োগৰ ৱে’বছাইট চাবৰ বাবে অনুৰোধ কৰে।

আনহাতে বৈঠকখনত উপস্থিত থকা অতিৰিক্ত মুখ্য নিৰ্বাচনী আয়ুক্ত ম’ৱা আয়াৰে জনায় যে প্ৰত্যেক সমষ্টিতে তিনিটাকৈ ভ্ৰাম্যমাণ পৰিদৰ্শক দল নিয়োগ কৰা হ’ব।

জিলা দণ্ডাধীশৰ অনুমতি অবিহনে সকলো প্ৰাৰ্থী বা দলকে যিকোনো ধৰণৰ দেৱাল লিখন, প’স্তাৰ-কাগজ-ৰং লগোৱা অথবা ৰাজহুৱা সম্পত্তি বা চৌহদত কাট আউট, হ’ৰ্ডিং বা বেনাৰ লগোৱা নিষেধ কৰা হৈছে।

নিৰ্দেশটোত লগতে ৰাতি ১০ ৰপৰা পুৱা ৬ বজালৈকে লাউদ স্পীকাৰ লগোৱা, বৈধ নথি নোহোৱাকৈ কোনো ব্যক্তি/সকলক ৫০০০০তকৈ অধিক টকা কঢ়িওৱা, ১৬ বছৰ ঊৰ্ধ্বৰ কোনো ব্যক্তিকে মুখা, ওৰণি বা পিন্ধোতাজনক চিনিব নোৱাৰাকৈ ঢাকি ৰখা যিকোনো সাজ পিন্ধা নিষেধ কৰা হৈছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd