নিৰ্মাণ কোম্পানী হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিলে আইজল এফ চিয়ে

এটা অতি বিৰল দৃষ্টান্ত সৃষ্টি কৰি দেশজুৰি সুনাম অৰ্জা মিজোৰামৰ ফুটবল দল আইজল এফ চিয়ে ইয়াৰ অৰ্থ সংকটৰ জোৰা মাৰিবলৈ নিৰ্মাণ কোম্পানী (construction company) হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছে। আনকি দলটো এটা নিবিদাত মিজোৰাম চৰকাৰৰ পৰা এটা পথ নিৰ্মাণৰ কাম পাবলৈও সক্ষম হৈছে।

ভাৰতত ফুটবল ক্লাববোৰৰ আৰ্থিক সংকট কোনো নতুন কথা নহয় যদিও ৰাষ্ট্ৰীয় চেম্পিয়ন ক্লাবটোৰ এই নতুন স্থিতিয়ে স্বাভাৱিকতে ক্ৰীড়াপ্ৰেমী তথা সচেতন মহলৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আইজল এফ চি মৰ্য্যাদাপূৰ্ণ আই লীগৰ বৰ্তমানৰ চেম্পিয়ন ক্লাব আৰু উত্তৰ-পূবৰ পৰা ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা এইটোৱে একমাত্ৰ ক্লাব।

ক্লাবৰ সূত্ৰই অনাগত সময়ত সন্মুখীন হ’ব পৰা সম্ভাব্য অৰ্থ-সংকটৰ সৈতে ফেৰ মাৰিবলৈকে এই সিদ্ধান্তটো লোৱা হ’ল।

‘যদি আপোনালোকে মন কৰে দেখিব যে আমি আমাৰ প্ৰতিভাৱান ষ্ট্ৰাইকাৰ এইচ্ছ লালমুৱানকিমাক ছিজনৰ মাজভাগতে এফ চি গোৱালৈ ট্ৰেন্সফাৰ কৰিব লগীয়া হ’ল। ই খেলুৱৈজনৰ দায়বদ্ধতাৰ বিষয়ে নেতিবাচক ইংগিত দিয়া নাই। বৰং তেওঁৰ উচ্চ হাৰৰ দৰমহা দিয়াত ক্লাবটোৰ অক্ষমতাকহে প্ৰকাশ কৰে।’ ক্লাবটোৰ সাধাৰণ সম্পাদক ভানলালংঘাকা চোৱাংচেকে কয়।

তেওঁ কয় যে ক্লাবটোৰ আৰ্থিক দিশ বেয়া অৱস্থাত আছে। ‘আমি পোৱা স্পনছ’ৰশ্বিপ যথেষ্ট নহয়। আমি ইয়াক পীপলছ ক্লাব বুলি কওঁ। গতিকে ইয়াক বন্ধ কৰি দিয়াটোৱেই সমাধান নহয়। আমি জীয়াই থকাৰ এটা ৰাস্তা বিচাৰি ল’ব লাগিব।’ নিজৰ সিদ্ধান্তৰ সমৰ্থনত আইজল এফ চিৰ এজন বিষয়াই কয়।

‘ক্লাবটোৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই আমাৰ সভাপতি মিষ্টাৰ ৰবাৰ্ট ৰয়াতে ইয়াক আৰ্থিকভাৱে সবল কৰাৰ পথ বিচাৰি আছিল। নিৰ্মাণৰ কাম হাতত লোৱাটো এটা ভাল বিকল্প আৰু লগতে মিষ্টাৰ ৰয়াতৰ কোম্পানী নৰ্থ-ইষ্ট কনচাল্টেন্সি ছাৰ্ভিচেজৰ পৰাও সমৰ্থন পোৱা যাব।’ ভানলালংঘাকা চোৱাংচেকে কয়।

আনহাতে জনপ্ৰিয় হোৱা সত্ত্বেও বেছি স্প’নছৰশ্বিপ নোপোৱাৰ কথা সোধাত কয় যে বহুতেই স্প’নছৰশ্বিপৰ অফাৰ আহে যদিও তাৰ বেছিভাগেই সুৰাৰ। ফলত অসুবিধা হয়।