নীৰৱে ‘কৃষি বিপ্লৱ’ৰ সূচনা কৰাত ব্যস্ত মাজুলীৰ কিছু শিক্ষিত যুৱক

20180630_134850

অসমৰ মাটি আৰু জলবায়ু শস্য উৎপাদনৰ বাবে অনুকূল হোৱাৰ হেতু ইয়াত অন্যান্য শস্যৰ লগতে শাক-পাচলিৰ খেতিয়ে ব্যাপক প্ৰসাৰতা লাভ কৰা দেখিবলৈ পোৱা যায়। সেয়ে ৰাজ্যৰ কিছু বিশেষ অঞ্চলৰ লগতে মাজুলীৰ ৰতনপুৰ মিৰি গাঁৱৰ কিছু শিক্ষিত যুৱকে অঞ্চলটোত নীৰৱে ‘কৃষি বিপ্লৱ’ৰ সূচনা কৰাত ব্যস্ত হৈ পৰিছে।

জৈৱিক পদ্ধতিৰে  উন্নত জাতৰ কল খেতি কৰি অনাদৃত কৃষিভূমি কেনেদৰে উপাৰ্জনমুখী কৰিব পাৰি ইয়াৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মাজুলীৰ এই যুৱক কেইজনে। উচ্চ শিক্ষাৰে শিক্ষিত কেইবাজনো যুৱক সম্প্ৰতি সেউজ বিপ্লৱৰ স্বপ্নক বাস্তৱায়িত কৰাত ব্যস্ত হৈ পৰিছে।

ৰামগোবিন্দ দলে, মনোজ দলে, দেৱৰঞ্জন দলে, জীতেন দলে, ৰাজু দলেকে ধৰি  ৰতনপুৰ মিৰি গাঁৱৰ কেইবাজনো উচ্চ শিক্ষাৰে শিক্ষিত যুৱকে নিজা প্ৰচেষ্টাৰে প্ৰায় বাৰ বিঘা মাটিকালিৰে আৱৰা অনাদৃত ভূমিত কলৰ খেতি কৰি স্বাৱলম্বী হোৱাত এতিয়া যুৱককেইজন হৈ পৰিছে আদৰ্শৰ প্ৰতীক।

উল্লেখ্য যে জৈৱ-বৈচিত্ৰৰে ভৰপুৰ মাজুলী কল খেতিৰ বাবে উপযোগী। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নীল দলেৰ একানপতিয়া প্ৰচেষ্টা আৰু পৰিষদে আগবঢ়োৱা কিছু পৰিমানৰ অৰ্থ সাহাৰ্যৰে কৰা কল খেতিৰে বছৰি প্ৰায় ছয়ৰ পৰা সাত লাখ টকা উপাৰ্জন আশা কৰিছে যুৱক কেইজনে।