নীৰৱে গুচি গ’ল ৯৭ বছৰীয়া অমিয়া ৰাজকুমাৰী : বৃহৎ ভূমিকা আছিল ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’-এ প্ৰকাশৰ মুখ দেখাত

0fde7e2e-95c3-4dde-8069-1cba5e7d9366

অমিয়া ৰাজকুমাৰী। দুদিন পূৰ্বে ৯৭ বছৰীয়া এইগৰাকী যোৰহাটবাসী মহিলাই নীৰৱে বিদায় ল’লে ইহ জীৱনৰ পৰা। সমগ্ৰ অসমৰ বাবে মহিলাগৰাকীৰ আছিল বিশিষ্ট অৱদান। বিশেষ পৰিচয় আছিল ইতিহাসবিদ, সৰ্বানন্দ ৰাজকুমাৰৰ পত্নী হিচাপে।

আহোম প্ৰশাসনৰ অধীনৰ অসমৰ ছশটা বছৰৰ ছবি এখন জীৱন্ত ৰূপত আঁকি থৈ গৈছিল ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ৰ মাজত এই ইতিহাসবিদজনে। সেয়া ৬০ৰ দশকৰ কথা, য’ত এজন চৰকাৰী বিষয়া হৈও এই যজ্ঞসদৃশ কামৰ বাবে বিভিন্ন ঠাইত পুৰণি পুথি-পাঁজি উদ্ধাৰ কৰি অহোপুৰুষাৰ্থ কৰিছিল ইতিহাসবিদজনে।

পত্নী হিচাপে এই বৃহৎ কামত অনুপ্ৰেৰণা আৰু সহযোগিতাৰে নিজৰো এটা ভূমিকা আছিল অমিয়া ৰাজকুমাৰীৰ। তাতকৈও ডাঙৰ দায়িত্ব কান্ধ পাতি লৈছিল এই ব্যতিক্ৰমী মনোবলৰ মহিলাগৰাকীয়ে। ছশটা বছৰৰ অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দলিলখনৰ খচৰা ৰূপ দিয়াৰ পিছতে ১৯৬৯ চনত সৰ্বানন্দ ৰাজকুমাৰৰ মৃত্যু হৈছিল।

‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ গ্ৰন্থখনৰ আঁৰৰ মহিলা, তিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ পত্নী অমিয়া ৰাজকুমাৰী।

কিন্তু তাৰ পিছত তেওঁৰ এই বৃহৎ কামটোক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি ল’লে অমিয়া ৰাজকুমাৰীয়ে। যদিও তেওঁ আছিল মাত্ৰ অষ্টম শ্ৰেণী পৰ্য্যন্ত পঢ়া, তেওঁ গোটেই খচৰা কপিবোৰ নিজৰ সুন্দৰ সুন্দৰ হাতৰ আখৰেৰে প্ৰতিলিপি কৰিলে। সেই কামটো কৰি উঠিবলৈ তেওঁ সময় ল’লে প্ৰায় ১০ বছৰ। তাৰ পিছত গাঁঠিৰ ধন ভাঙি ৯০০ পৃষ্ঠাৰ কিতাপখন এটা স্থানীয় ছপাশালত ১৯৮০ চনত ছপা কৰালে। অমিয়া ৰাজকুমাৰীৰ সেই দূৰদৰ্শিতা, সঠিক সিদ্ধান্ত তথা মনোবলৰ অবিহনে আজিৰ প্ৰজন্মই এই মূল্যৱান বুৰঞ্জীৰ সমলটিৰ পৰা বঞ্চিত হ’ল হেঁতেন। কিন্তু গিৰীয়েকৰ নামৰ আঁৰত তল পৰি থাকিল এই অনৱদ্য অৱদানৰ মহিলাগৰাকীৰ পৰিচয়।

“আইতা মাত্ৰ অষ্টম শ্ৰেণীলৈকে পঢ়া আছিল। কিন্তু তেওঁ দহ বছৰ ধৰি এইখনৰ প্ৰতিলিপি কৰি শেষ কৰিছিল। তেওঁৰ ধনৰ নাটনিও আছিল। তৎসত্ত্বেও তেওঁ সেইখন ওচৰৰ ছপাশাল এটা ছপা কৰাইছিল।” নাতিয়েক অংকন ৰাজকুমাৰে কয়।

নিজৰ স্বামীৰ মৃত্যুৰ ১১ বছৰ পিছত অমিয়া ৰাজকুমাৰীৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত সকলোৰে বাবে সুলভ হোৱা বিৰল ঐতিহাসিক দলিল স্বৰূপ গ্ৰন্থখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰসংগ পুথি হিচাপে গ্ৰহণ কৰা হয়।

“এই শতিকাৰ প্ৰথমৰ ফালে আগ শাৰীৰৰ প্ৰকাশন বনলতাই কিতাপখন ছপা কৰাৰ দায়িত্ব লয় আৰু তাৰ ফলত কিতাপখন জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।” অংকন ৰাজকুমাৰে কয়।

উল্লেখযোগ্য যে অমিয়া ৰাজকুমাৰীয়ে তেওঁৰ গিৰীয়েকৰ স্মৃতিত যোৰহাটৰ ৰাজমাও পুখুৰীৰ কাষত আহোমসকলৰ এটা উপাসনা গৃহ দেওঘৰ স্থাপন কৰিছিল।