• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

পদত্যাগ কৰিবলৈ অস্বীকাৰ জেলিয়াঙৰ : চৰকাৰ গঠনৰ নামত নাগালেণ্ডত আন এক অচলাৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 7:58 pm
t r zeliang
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাময়িক ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাই নাগালেণ্ডত সুকলমে নিৰ্বাচন হ’ল যদিও চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আন এক অচলাৱস্থা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনত। জানিব পৰামতে বৰ্তমানৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াং আঁকোৰগোঁজ হৈ নিজৰ মুখ্য মন্ত্ৰীৰ পদটো এৰিব খোজা নাই। যাৰ ফলত পৰৱৰ্তী নতুন চৰকাৰখন গঠন কৰিবলৈ অধীৰ হৈ থকা এন ডি পি পি-বিজেপি নেতৃত্বাধীন মৰ্চাই অস্বস্তিৰে সময় পাৰ কৰিব লগা হৈছে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, আজি এন পি এফৰ (নাগা পীপল ফ্ৰণ্ট) দলে প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে ‘এই সন্ধিক্ষণত জেলিয়াঙৰ পদত্যাগৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।’ বিজ্ঞপ্তিখনত কোৱা হৈছে, ‘চৰকাৰ গঠন কৰিবৰ বাবে প্ৰয়োজনীয় সংখ্যা আহৰণৰ চেষ্টা যিহেতু চলাই থকা হৈছে, নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে পদত্যাগ কৰাৰ প্ৰশ্ন নুঠে।’

Apply Now

আনহাতে বিবৃতিটোত সংবাদ মাধ্যমে তেওঁলোকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ কৰি কয় যে কিছুমান সংবাদ মাধ্যমত (ছপা আৰু ইলেক্ট্ৰনিক) ভুল আৰু বিদ্বেষমূলকভাৱে ‘মুখ্য মন্ত্ৰীয়ে হতাশাৰে মুখ্য মন্ত্ৰীৰ চকীখন খামুচি ধৰি আছে আৰু পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে’ বুলি সংবাদ পৰিৱেশন কৰা হৈছে। এই বাতৰিৰ দ্বাৰা তেওঁক হেয় কৰা হৈছে। বিজ্ঞপ্তিটোত দলটোৱে কয়।

‘নাগা পীপল ফ্ৰণ্ট হ’ল একক সংখ্যাগৰিষ্ঠ দল, আৰু একে সময়তে ৰাজ্যপালক প্ৰাক-নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত পত্ৰ দি জনোৱা হৈছিল যে দলটোৰ এন পি পি আৰু জে ডি (য়ু)ৰ সৈতে মিত্ৰতা আছে। ৰাজ্যপালে তেওঁক (জেলিয়াঙক) সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৪৮ ঘণ্টা সময় দিছে।’ এইদৰে কোৱা হয় বিজ্ঞপ্তিটোত। লগতে কোৱা হয়, ‘কাৰিকৰীগতভাৱে নতুন এজন মুখ্য মন্ত্ৰীয়ে শপত লোৱা পৰ্য্যন্ত শাসনাধিষ্ঠিত মুখ্য মন্ত্ৰীজনে দায়িত্ব অব্যাহত ৰাখিব পাৰে।’

ভুল তথা বিদ্বেষপূৰ্ণ বাতৰি পৰিৱেশন কৰা উচিত নহয়। এইবুলি কয় দলটোৱে।

অৱশ্যে এই সন্দৰ্ভত ৰাজ্যপালৰ কাৰ্য্যালয়ৰ সূত্ৰই চৰকাৰ কোন দলে গঠন কৰিব সেই সন্দৰ্ভত একো জনোৱা নাই। জনামতে, ৰাজ্যপাল পি বি আচাৰ্য্যই দুয়োটা দলকে নিজৰ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৪৮ ঘণ্টা সময় দিয়া হৈছে। ৰাজ্যপালে এটা মন্তব্যত কয় যে সাংবিধানিক মুৰব্বী হিচাপে তেওঁ যি দলৰে সংখ্যা গৰিষ্ঠতা থাকে সেই দলকে চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব।

মন কৰিব লগীয়া যে প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই যোৱা ৪ ফেব্ৰুৱাৰিত ৩২জন বিধায়কৰ সমৰ্থনৰ সৈতে বিজেপিৰ সৈতে গৈ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠন কৰাৰ দাবী তুলিছিল। ৰিঅ’ই ৰাজ্যপালক জনোৱা মতে তেওঁৰ সমৰ্থনত বিজেপিৰ লগতে জে ডি (য়ু)ৰ লগতে এজন নিৰ্দলীয় বিধায়ক আছে। ৰিঅ’ৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱো আছিল।

উল্লেখযোগ্য যে নিৰ্বাচনত এন ডি পি পি আৰু বিজেপিয়ে মিত্ৰজোঁট হিচাপে নিৰ্বাচনত নামিছিল। এন ডি পি পিয়ে ১৮খন আসন পোৱাৰ বিপৰীতে বিজেপিয়ে পাইছিল ১২খন আসন। ৬০জনীয়া সদস্যৰ বিধানসভাৰ বাবে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাটো হ’ল ৩১। তেনেস্থলত তেওঁলোকক মাত্ৰ এজনেই বিধায়ক দৰকাৰ। কিন্তু জে ডি (য়ু) আৰু নিৰ্দলীয়জনৰ সৈতে আছে ৩২ জন। আনহাতে জে ডি (য়ু)-এ প্ৰাক নিৰ্বাচনী মিত্ৰতা এন পি এফৰ সৈতে কৰিলেও নিৰ্বাচনৰ পিছত নিজৰ সমৰ্থন সলনি কৰে এন ডি পি পি-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰতি। ফলত সংকটত পৰিছে এন পি এফ। ২৬খন আসন পোৱা এন পি এফে মিত্ৰ বুলি কোৱা এন পি পিৰ হাতত আছে মাত্ৰ ২খন আসন।

এই পৰিস্থিতিত এন পি এফে চৰকাৰ গঠন কৰাৰ অংক এক নিমিলা অংক হৈ আছে। তথাপিও পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাত নতুন চৰকাৰ গঠন কৰিম বুলি আশা পালি থকা এন ডি পি পি-বিজেপি মিত্ৰজোঁট অস্বস্তিত পৰিছে। আনহাতে জানিব পৰামতে ৰাজ্যখনৰ নতুন চৰকাৰৰ শপতগ্ৰহণত প্ৰধান মন্ত্ৰী মোদী উপস্থিত থকাৰ কথা।

তাৎপৰ্য্যপূৰ্ণভাৱে জেলিয়াঙে দেওবাৰে সাংবাদিকৰ আগত তেওঁ বিজেপিৰ সৈতে কথা পাতি থকা বুলি আৰু চৰকাৰ গঠন কৰাত আশাবাদী বুলিও মত প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd