পদপথৰ ব্যৱসায়ীৰ জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ অধিকাৰ সুৰক্ষাৰ পক্ষত নাগালেণ্ডৰ ৰাজ্যপাল

pb-acharya-300x205-570x320

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই পদপথৰ ব্যৱসায়ী আইন, ২০১৪ৰ ওপৰত প্ৰসংগ আনি কৈছে যে তেওঁলোকৰ জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিৎ। পদপথৰ ব্যৱসায়ী আইন, ২০১৪ অনুসৰি পদপথৰ ব্যৱসায়ীসকলৰ সামাজিক নিৰাপত্তা আৰু জীৱিকাৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু অই আইনখন নাগালেণ্ডত যিমান পাৰি সোনকালে বলৱৎ কৰা যায় সিমানেই ভাল।

ৰাজ্যপাল গৰাকীয়ে পৰ্যৱেক্ষণ কৰিছে যে বহুতো লোক বিশেষকৈ গাঁও এলেকাৰ পৰা অহা শাক-পাচলি আৰু অন্যন্য উৎপাদিত সামগ্ৰী বিক্ৰি কৰিবলৈ অহা মহিলাসকলৰ বাবে পদপথৰ ব্যৱসায় এটা উপাৰ্জনৰ উৎস।

শুকুৰবাৰে কোহিমাত ৰাজভৱনৰ পৰা প্ৰকাশ কৰা এটা সংবাদ বিবৃতিত এই কথা ব্যক্ত কৰা হৈছে।

আচাৰ্যই অনুভৱ কৰে যে তেওঁলোকৰ ব্যৱসায় কৰা স্থানৰ ওপৰত সঠিক আচ্ছাদন, বিপণীৰ লগতে খোৱাপানী আৰু শৌচালয়ৰো ব্যৱস্থা কৰিব লাগে।

ৰাজ্যপালে পদপথৰ ব্যৱসায়ীসকলক পদপথ ব্যৱসায়ী আইনৰ সা-সুবিধাৰ বিষয়ে অৱগত থকা সেই আইন বলৱৎ কৰাৰ বিষয়ত সজাগ থকাৰ বাবে আহ্বান জনাইছে।

ৰাজ্যপাল আচাৰ্যই মন্তব্য কৰিছে যে ইয়ে অকল ফেৰীৱালাসকলকেই উপকৃত নকৰে, গৰিষ্ঠসংখ্যক জনসংখ্যাৰ সামৰ্থ্যযোগ্য, স্বাস্থ্যসন্মত আৰু সুবিধাজনক হ’ব।

তাৰোপৰি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰিছে যে শাক-পাচলিৰ ফেৰীৱালাসকলে নষ্ট হ’ব পৰা শাক-পাচলিসমূহ গাঁওলৈ ঘূৰাই নিয়াৰ শংকাত কম মূল্যতে বিক্ৰি কৰি যাবলৈ বাধ্য হয়।

আচাৰ্যৰ মতে চৰকাৰে ফেৰীৱালাসকলক দৈনিক বা মাহেকীয়া হিচাপৰ ভাড়াৰ বিনিময়ত ব্যক্তিগত বিপণী বা নিমনতম ব্যয়ৰ বিনিময়ত শীতলীকৃত ভড়াল যোগান ধৰিব লাগে যিয়ে তেওঁলোকক যথেষ্ট উপকৃত কৰিব।

ইয়াৰ পূৰ্বেও ৰাজ্যপালগৰাকীয়ে ২০১৮ৰ ১৪ মাৰ্চত ৰাজ্যখনৰ মুখ্য মন্ত্ৰীলৈ শাক-পাচলিৰ মহিলা ফেৰীৱালাৰ বাবে স্বাস্থ্যসন্মত আৰু পৰিচ্চন্ন বিপণী ব্যৱস্থা কৰাৰ সন্দৰ্ভত পত্ৰ প্ৰ্ৰেৰণ কৰিছিল।