পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু সংগীতৰ কৰ্মৰাজিৰ ওপৰত আলোচনা চক্ৰ

Pratimapandey

গোৱালপাৰাৰ সাংস্কৃতিক জাগৰণ মঞ্চৰ উদ্যোগত অহা শনিবাৰে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু সংগীতৰ কৰ্মৰাজিৰ ওপৰত অনুষ্ঠিত হ’ব এখন আলোচনা চক্ৰ। লাচিত নগৰস্থিত গোৱালপাৰা সাহিত্য সভাৰ সভাগৃহত আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনিত গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডেৰ জীৱনৰ বহুতো নজনা কথা আলোচনা কৰা হ’ব।

‘এই আলোচনা চক্ৰখনত শিল্পীগৰাকীৰ পৰিয়ালৰ কমেও দুজন সদস্য উপস্থিত থাকিব বুলি নিশ্চিতি প্ৰদান কৰাৰ উপৰি আলোচনা চক্ৰখনত ভাগ ল’বলৈ তেওঁলোক যথেষ্ট আগ্ৰহী’, আয়োজক সন্থাৰ এগৰাকী সদস্য সন্দীপ চামৰীয়াই জানিবলৈ দিয়ে।

তেওঁ লগতে কয়- ‘গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞীগৰাকীয়ে জীৱনৰ বেছিভাগ সময়ে গৌৰিপুৰ জমিনদাৰ পেলেচত অতিবাহিত কৰিছিল। কিন্তু পেলেচৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আমি মুঠেই সুখী নহয়। এই সম্পৰ্কে আমি চৰকাৰৰ লগত আলোচনা কৰি তেওঁ অতিবাহিত কৰা সেই পেলেচটো সংৰক্ষিত কৰাৰ লগতে হেৰিটেজ চাইট হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰক দাবী জনাম’।

সাংস্কৃতিক জাগৰণ মঞ্চৰ বিষয়ববীয়াই আজি জিলা সাংবাদিক মঞ্চৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই সকলো কথা সদৰী কৰে। সংবাদ মেলত সন্দীপ চামৰিয়াৰ উপৰি বিশিষ্ট অভিনেতা উদয় শংকৰ দে আৰু গায়ক অসীম নাথ উপস্থিত আছিল।

উল্লেখ্য যে গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেয়ে ১৯৯১ চনত পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।