• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পপ তাৰকা লেডী গাগাৰ অনুষ্ঠানত বোমা বিস্ফোৰণৰ চেষ্টা : দুজনক গ্ৰেপ্তাৰ ব্ৰাজিল আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 4:45 pm
পপ তাৰকা লেডী গাগাৰ অনুষ্ঠানত বোমা বিস্ফোৰণৰ চেষ্টা : দুজনক গ্ৰেপ্তাৰ ব্ৰাজিল আৰক্ষীৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিঅ’ ডি জেনেইৰ’ৰ কোপাকাবানা বিচত পপ তাৰকা লেডী গাগাৰ অনুষ্ঠানত দুৰ্বৃত্তৰ বোমা আক্ৰমণৰ পৰিকল্পনা বিফল কৰিছে ব্ৰাজিলৰ আৰক্ষীয়ে।

ৰিঅ’ ডি জেনেইৰ’ অসামৰিক আৰক্ষী আৰু ন্যায় মন্ত্ৰালয়ে যৌথভাৱে চলোৱা এই অভিযানত প্ৰকাশ পাইছে যে ছ’চিয়েল মিডিয়াত খ্যাতি অৰ্জনৰ উদ্দেশ্যে কেইবাজনো সন্দেহযুক্ত লোকে ইম্প্ৰভাইজড বিস্ফোৰক ব্যৱহাৰ কৰি আক্ৰমণ চলাবলৈ আক্ৰমণকাৰী নিয়োগ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, এই পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড আৰু এজন কিশোৰক গ্ৰেপ্তাৰ কৰা হৈছে।

লেডী গাগাৰ দলটোৱে জনোৱা মতে, সংগীতানুষ্ঠানৰ পিছদিনা পুৱা সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে তেওঁলোকে বোমাৰ বিষয়ে জানিব পাৰিছিল। সেই অনুষ্ঠানত ২০ লাখতকৈ অধিক লোক গোট খাইছিল।

আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণৰ পৰিকল্পনা কৰা গোটটোৱে মূলতঃ শিশু, কিশোৰ-কিশোৰী আৰু এলজিবিটিকিউ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ বিয়পাইছিল।

দক্ষিণৰ ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলত অবৈধভাৱে আগ্নেয়াস্ত্ৰ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত মাষ্টাৰমাইণ্ডজনক। আৰু কিশোৰগৰাকীক শিশু পৰ্ণগ্ৰাফী ৰখাৰ অভিযোগত ৰিঅ’ চহৰত গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে লগতে কয় যে গোটটোৱে কিশোৰ-কিশোৰীসকলক উগ্ৰবাদীকৰণৰ বাবে উৎসাহিত কৰিছে। কিশোৰ-কিশোৰীসকলক ‘আত্মহত্যামূলক আৰু ধ্বংসাত্মক বিষয়বস্তু’ত লিপ্ত হ’বলৈ অনুপ্ৰেৰিত কৰিছে।

লেডী গাগাৰ এগৰাকী মুখপাত্ৰই দ্য হলিউড ৰিপ’ৰ্টাৰক জনোৱা মতে, আমি প্ৰথমে সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে এই ভাবুকিৰ বিষয়ে জানিব পাৰিলোঁ।

তেওঁ লগতে কয় যে, “লেডী গাগাক আৰক্ষী বা কৰ্তৃপক্ষই কোনো ধৰণৰ নিৰাপত্তাজনিত চিন্তা বা সম্ভাৱ্য বিপদৰ বিষয়ে শ্ব’টোৰ পূৰ্বে বা শ্ব’ৰ সময়ত অৱগত কৰা নাছিল।”

ন্যায় মন্ত্ৰালয়ে কয় যে সন্দেহযুক্ত লোককেইজনে নিজকে লেডী গাগাৰ অনুৰাগী বুলি পৰিচয় দিছে। গাগাৰ অনুৰাগীসকল বহুলভাৱে ‘লিটিল মনষ্টাৰছ’ নামেৰে পৰিচিত।

ৰিঅ’ ডি জেনেইৰ’, মাটো গ্ৰ’ছ’, ৰিঅ’ গ্ৰেণ্ডে ড’ ছুল আৰু চাও পাউলো ৰাজ্যত একেলগে চাৰ্চ ৱাৰেণ্ট জাৰি কৰিছে আৰক্ষীয়ে। এই সময়ছোৱাত জব্দ কৰা হৈছে বিভিন্ন বৈদ্যুতিক যন্ত্ৰ আৰু অন্যান্য সামগ্ৰী।

ৰিঅ’ৰ আৰক্ষীৰ পৰা পোৱা তথ্যৰ ভিত্তিত ‘অপাৰেচন ফেক মনষ্টাৰ’ নামৰ এই অভিযান আৰম্ভ হৈছিল। কিশোৰ-কিশোৰীসকলৰ মাজত হিংসা বিয়পাবলৈ সাংকেতিক ভাষা আৰু উগ্ৰ প্ৰতীক ব্যৱহাৰ কৰা অনলাইন গোট চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে বৃহৎ নিৰাপত্তা অভিযানৰ অংশ হিচাপে সংগীতানুষ্ঠানত ৫ হাজাৰ আৰক্ষী বিষয়া নিয়োগ কৰা হৈছিল আৰু দৰ্শনাৰ্থীয়ে মেটেল ডিটেক্টৰৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। ড্ৰ’ন আৰু ফেচিয়েল ৰিকগনিচন কেমেৰাৰ সহায়ত এই অনুষ্ঠানটো নিৰীক্ষণ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm
আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm
আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd