পিডিএফৰ দ্বাৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ভাবুকিৰ প্ৰত্যুত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ

AL-Hek

দলৰ ভিতৰুৱা নীতিগত বিষয়ত হস্তক্ষেপ কৰিলে  মেঘালয়ৰ মিত্ৰজোঁট চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে বুলি পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে  বিজেপিক এক প্ৰকাৰ ভাবুকি দিয়াৰ পিচতেই ৰাজ্যিক বিজেপিয়ে এক তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে পিডিএফ দলৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছিল যে যদিহে মাত্ৰ ২জন বিধায়কেৰে মিত্ৰজোঁট চৰকাৰত যোগদান কৰা বিজেপিয়ে ৪জন বিধায়ক থকা পিডিএফ দলৰ জনস্বাৰ্থ জড়িত আভ্যন্তৰিণ বিষয়সমূহৰ ওপৰত হস্তক্ষেপ কৰিবলৈ তথা বিগ ব্ৰাডাৰৰ ভূমিকা ল’বলৈ আগবঢ়ে তেন্তে দলটোৱে এনপিপিৰ নেতা কনৰাড চাংমাক মুখ্যমন্ত্ৰী হিচাপে লৈ গঠন হোৱা মিত্ৰজোঁট চৰকাৰৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব।

এই ভাবুকিৰ উত্তৰত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে যে ‘মেঘালয়ৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে’ দলটোৱে কোনো কাম নকৰে।

অৱশ্যে বিজেপিৰ বিধায়ক তথা ৰাজ্যখনৰ নতুন স্বাস্থ্যমন্ত্ৰী এ এল হেকে শুকুৰবাৰে প্ৰকাশ কৰিছে যে প্ৰত্যেক ৰাজনৈতিক দলেই ৰাজ্যখনৰ জনস্বাৰ্থৰ সৈতে জড়িত বিষয়ৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে।

হেকৰ সুৰতেই সুৰ মিলাই ৰাজ্যিক বিজোপিৰ সভাপতি ছিবুন লিংডোৱে কৈছে যে তেওঁৰ দলটোৰ লক্ষ্য হৈছে ‘স্পষ্টতা আৰু বিকাশ।‘

প্ৰণিধানযোগ্য যে যোৱা বৃহস্পতিবাৰে পিডিএফৰ সভাপতি পিনছগাইন এন চিয়েমে দলটোৰ ৪জনকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ উপলক্ষ্যে শ্বিলঙত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা সভাত প্ৰদান কৰা ভাষণত প্ৰকাশ কৰিছিল যে যদিহে বিজেপিয়ে পিডিএফৰ দলীয় বিষয়সূচীৰ অন্তৰ্গত স্থানীয় বাসিন্দাৰ ৰক্ষণাৱেক্ষণ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত হস্তক্ষেপ কৰে তেন্তে দলটোৱে মেঘালয় ডেমক্ৰেটিক এলায়েঞ্চৰ দ্বাৰা গঠিত চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ সাজু আছে।

চিয়েমে আৰু কৈছে যে ৰাজ্যখনৰ বহুতো স্থানত সংঘটিত হোৱা খ্ৰিষ্টিয়ান বিৰোধী কাম-কাজত বিজেপি জড়িত থকাৰ যি অভিযোগ উত্থাপিত হৈ আহিছে তাৰ চয়-নিশ্চয় কৰাৰ বাবে এটা নিৰীক্ষণ কোষ গঠন।