DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

পুব ছিয়াঙত এন ই ডি এফৰ দল উপস্থিত; চিয়াং নৈৰ নমুনা সংগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 4:01 pm
পুব ছিয়াঙত এন ই ডি এফৰ দল উপস্থিত; চিয়াং নৈৰ নমুনা সংগ্ৰহ
190
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব ডায়েলগ ফ’ৰাম (এন ই ডি এফ)ৰ এটা চাৰিজনীয়া দলে গুৱাহাটীস্থিত পৰিৱেশবিদ কেশৱ কৃষ্ণ ছত্ৰধৰৰ নেতৃত্বত সোমবাৰে অৰুণাচলৰ পুব চিয়াং জিলাত গৈ চিয়াং নৈৰ জলপৃষ্ঠৰ পৰা পানী আৰু পলসৰ নমুনা সংগ্ৰহ কৰে। নৈৰ জলপৃষ্ঠৰ ৬ পৰা ১০ ইঞ্চি লৈকে ডাঠ গেদ জমা হোৱা কথাটোত আশ্চৰ্য্য প্ৰকাশ কৰা  ছত্ৰধৰে কয় ‘ ই নৈৰ মাছৰ লগতে আন জলচৰ কৃত-পতংগৰ বাবে অতি ক্ষতিকাৰক’। ইয়াৰ উপৰি দলটোৱে ধেমাজি আৰু লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ ব্ৰহ্মপুত্ৰ নদীপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰে।

বিষয়টা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা তথা এন ই ডি এফৰ ন্যায়িক পৰামৰ্শদাতা তুলাৰাম গগৈয়ে কয় ‘আমি পানী তথা পলসত মজুত থকা উপাদান পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা নমুনাখিনি গুৱাহাটী আই আই টি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰলৈ পঠাইছো। পানী ঘোদা হোৱাৰ কাৰণ নিশ্চিত হোৱাৰ পিছত আমি বিষয়টোক কেন্দ্ৰীয় চৰকাৰ আৰু চীনৰ ৰাষ্ট্ৰদূতৰ সৈতেও আলোচনা কৰিম।’

ইতিমধ্যে টি এম পি কে আৰু ইয়াৰ  সহযোগী সংগঠন সমূহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জোনাই, ডিব্ৰুগড়, ঢকুৱাখনা, শিৱসাগৰ আৰু মাজুলীৰ বিভিন্ন স্থানত বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ ক্ষিপ্ৰ তথা উপযুক্ত পদক্ষেপ দাবী কৰি প্ৰতিবাদ গঢ়ি তোলে।

আনহাতে ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক প্ৰতিবেদন অনুসৰি শীত কালত চিয়াঙৰ প্ৰদূষণৰ মান ১২ পৰা ১৫ নেফেলোম্যেট্রিক টাৰবডিটি ইউনিট (এন টি অ’) হোৱা উচিত যদিও বৰ্ষা কালতে নৈখনৰ প্ৰদূষণৰ মান ২৯৫ পৰা ৩২৯ এন টি অ’ হয়।

মনকৰিবলগীয়া যে চিয়াঙ আৰু ব্ৰহ্মপুত্ৰৰ ঘোদা পানী খোৱা অনুপযোগী হৈ পৰাৰ লগতে বহু বনৰীয়া জন্তূ আৰু জলচৰ প্ৰাণীৰ মৃত্যু ঘটাই এক গুৰুতৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd