পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত উত্তাল দিছপুৰ লাষ্টগেট

koch rajbongshi

সুদীৰ্ঘ তিনি দশক ধৰি পৃথক কমতাপুৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি পুনৰ দিছপুৰ লাষ্টগেটত এক প্ৰতিবাদী কাৰ্যসূচী সাৱ্যস্ত কৰে।

পৃথক কমতাপুৰ ৰাজ্যৰ লগতে কোচ ৰাজবংশীসকলৰ  জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থাই তিনিঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

তদুপৰি, সংগঠনৰ নেতৃবৰ্গই পৃথক কমতাপুৰৰ বাবে অসম, পশ্চিমবংগ চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহা বুলি সদৰি কৰে। কিন্তু কোনো এখন কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱাত চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠনটোৱে।

এই সন্দৰ্ভত সংগঠনৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন ক্ষোভ প্ৰকাশ কৰি কয় “শাসনত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে নিৰ্বাচনৰ পূৰ্বে পৃথক ৰাজ্য দিয়া তথা জনজাতিকৰণৰ বাবে দিয়া প্ৰস্তাৱৰ কথা পাহৰি গৈছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৬ মাহৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৪ বছৰ শাসনকাল উকলি যোৱাৰ পিছতো কোচসকলৰ জনজাতিকৰণৰ সমস্যাটোৰে সমাধান কৰিব নোৱাৰিলে।”

তদুপৰি তেওঁ ঝাৰখণ্ড, উত্তৰাখণ্ড, ছত্তিছগড় ইত্যাদি ৰাজ্যসমূহৰ উদাহৰণ দি কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে এই ৰাজ্যসমূহৰ জনসাধাৰণে যদি ন্যায় পাব পাৰে তেন্তে একেখন সংবিধানৰ গণ্ডীৰ মাজত থাকিও কিহৰ বাবে কোচ ৰাজবংশী সকলে তেওঁলোকৰ প্ৰাপ্য পোৱা নাই?

লক্ষ্যণীয় যে বনমন্ত্ৰী তথা জনজাতিকৰণৰ দায়িত্বত থকা মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্মই জনজাতিকৰণৰ বিষয়টো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাহিৰত বুলি কোৱা মন্তব্যৰ বিৰোধিতা কৰি গোকুল বৰ্মনে কয় যে ‘তেৱোঁ আমাৰ এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই।’

এই সন্দৰ্ভত নেতাজনে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আজিৰ ধৰ্ণা কাৰ্য্যসূচীৰ পিছতো যদি একো ব্যৱস্থা হাতত নলয় তেন্তে কোচ ৰাজবংশী ছাত্ৰ সন্থাই অহা ১৫ মাৰ্চত ১২ ঘন্টীয়া ৰেলপথ কাৰ্যসূচী আৰু ৩০ মাৰ্চত ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে।

পৰৱৰ্তী সময়ত তেখেতসকলৰ দাবী মানি নল’লে ১০০০ ঘন্টীয়া অৰ্থনৈতিক চকাবন্ধ কাৰ্যসূচী হাতত লোৱাৰ কথাও ঘোষণা কৰে সংগঠনটোৱে।

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৈতে কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাইয়ো এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।  প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,  ডু অৰ ডাই ফৰ কমতাপুৰ,  সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ইত্যাদি শ্ল’গানেৰে দিছপুৰ লাষ্টগেট কঁপাই তোলে।