পৃথক বড়োলেণ্ডৰ দাবীত বাক্সা জিলাৰ বৰমাত এবছুৰ পথ অৱৰোধ

পৃথক বড়োলেণ্ডৰ দাবীত বিগত দুদিন ধৰি কোকৰাঝাৰ আৰু চিৰাং জিলাত হোৱা প্ৰতিবাদৰ পিছত শুকুৰবাৰে পুনৰ উত্তাল হৈ পৰে বিটিএডিৰ বাক্সাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

উল্লেখযোগ্য যে বাক্সা জিলাৰ বৰমাত শুকুৰবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে পৃথক বড়োলেণ্ডৰ দাবীত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহুতো যান-বাহন আৱদ্ধ হৈ পৰে।

প্ৰাপ্ত তথ্য মতে এবছুৰ উদ্যোগত এনডিএফবি (পি)ৰ প্ৰায় দহ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ‘অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়, ৰাজনাথ সিং হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, সৰ্বানন্দ হুঁচিয়াৰ’ আদি প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

আনহাতে আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এবছুৰ ১২ ঘন্টীয়া পথ অৱৰোধৰ ফলত ৰাজপথত কেইবাশ যান-বাহন আবদ্ধ হোৱাৰ লগতে নামনি অসমৰ জনজীৱন স্তব্ধ হৈ পৰে।