• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

পেমা খাণ্ডুৱে পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰি উৎসৰ্গা কৰিলে পূব অৰুণাচলবাসীলৈ

NE NOW NEWS প্ৰণৱ কুমাৰ দাস
অৰুণাচল , January 23, 2018 10:05 pm

2 min read

উদ্বোধনৰ সময়ৰ চিত্ৰ
86
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰি পূব অৰুণাচলবাসীৰ বাবে উৎসৰ্গা কৰিলে।এই কাৰ্যালয়ৰ স্থাপনৰ ফলত ৰাইজ আৰু চৰকাৰৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি পেমা খাণ্ডুৱে মন্তব্য কৰে। মুখ্য মন্ত্ৰীয়ে কাৰ্যালয়টো  উদ্বোধন কৰি ৰাইজৰ প্ৰতি দায়বদ্ধতা তথা ৰাজনৈতিক প্ৰতিশ্ৰুতি পালন কৰিলে।

ইয়াৰ উপৰি খাণ্ডুৱে মঙলবাৰে মুখ্য অভিযন্তা(পি ডব্লিউ ডি), মুখ্য অভিযন্তা(পি এইচ ডি আৰু ডব্লিউ এছ) আৰু তত্বাৱধায়ক অভিযন্তা( আৰ ডব্লিউ ডি) বিভাগৰো শুভ উদ্বোধন কৰে।

পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয়ে পূব অৰুণাচলৰ মুঠ ১১ খন জিলাৰ প্ৰশাসনিক কাম-কাজ নিয়ন্ত্ৰিত কৰিব। জিলাকেইখন হ’ল পূব চিয়াং, চিয়াং, উজনি চিয়াং, নামনি দিবাং উপত্যকা, আনজ্ব, টিৰাপ আৰু লংদিং।

ৰাইজক সম্বোধন কৰি কয় যে পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয় আৰু মুখ্য অভিযন্তা কাৰ্যালয়ৰ অধীনত বুনিয়াদী উন্নয়নৰ বাবে পৰৱৰ্তী বাজেটত ধন মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তদুপৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰদেশখনত প্ৰশাসনিক কাম-কাজ বিকেন্দ্ৰীকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

‘মুখ্য অভিযন্তা(পি ডব্লিউ ডি), মুখ্য অভিযন্তা(পি এইচ ডি আৰু ডব্লিউ এছ) আৰু তত্বাৱধায়ক অভিযন্তা( আৰ ডব্লিউ ডি)ৰ কাৰ্যালয় ইটানগৰৰ লগতে নামছাইৰ পৰা পৰিচালিত হ’ব। লগতে পূব অৰুণাচলৰ ১১ খন জিলাৰ সকলো চৰকাৰী কাম-কাজ পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰিত হ’ব’, মুখ্য মন্ত্ৰী খাণ্ডুৱে এইদৰে জনায়।

উল্লেখযোগ্য যে বৰ্তমান পূব মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়ৰ কাম-কাজ পুৰণি উপায়ুক্ত কাৰ্যালয়ৰ পৰা চলিব। ইতিমধ্যে এই কাৰ্যালয় স্থাপনৰ বাবে ভূমি চিনাক্ত কৰি থকা হৈছে বুলিও জনায়।

এই অনুষ্ঠানত উপ মুখ্য মন্ত্ৰী চাওনা মিন, মন্ত্ৰীমণ্ডল, সংসদীয় সচিৱ, বিধায়ক, মুখ্য সচিৱ সত্য গোপাল, মাণ্ডলিক উপায়ুক্ত বলুঙ পাৰ্মীৰ লগতে ১১ খন জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd