পৌৰ নিগমৰ কৃপাত বুঢ়ী ছাগলীৰ মাংস খাইছে গুৱাহাটীবাসীয়ে

প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী পৌৰ নিগমৰ কৃপাত বুঢ়ী ছাগলীৰ মঙহ আৰু খোৱাৰ অনুপযোগী মাংসৰে তৃপ্ত হ’ব লগা হৈছে ছাগলী মাংসপ্ৰেমী মহানাগৰিক। এই অভিযোগ কোনো গ্ৰাহক সুৰক্ষা মঞ্চৰ নহয়। গুৱাহাটীৰ ছাগলী মাংসৰ ব্যৱসায়ীসকলৰ সংগঠন গ্ৰে’টাৰ গুৱাহাটী কুৰেছি মীট এছছিয়ে’শ্যনেই আজি ২৩ জুনত গুৱাহাটী প্ৰে’ছ ক্লাবত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

গুৱাহাটী পৌৰ নিগম, অসম পশুধন বিভাগ, এন ই চি ফুড প্ৰ’ছেছিং প্ৰাইভেট লিমিটেড আৰু ব্যৱসায়ীসকলৰ সংগঠনটোৰ মাজত অনুষ্ঠিত কেইবাখনো বৈঠকৰ পিছত ব্যৱসায়ীসকলক কোম্পানিটোৱে ‘ছাগলীৰ ভাল মাংস’ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। ‘কিন্তু এন ই চিয়ে দুদিনমান ভাল মাংস যোগান ধৰি পুনৰ বিহাৰৰ পৰা অনা বুঢ়ী মাইকী ছাগলীৰ মাংস দিয়া আৰম্ভ কৰে,’ ব্যৱসায়ীসকলৰ দাবী।

পৰিস্থিতিয়ে এনে পৰ্য্যায় পাইছেগৈ যে গ্ৰাহকৰ দুৰ্ব্যৱহাৰৰ পৰা বাচিবলৈ মাংসৰ দোকানত এন ই চি নামৰ মাংস যোগান দিয়া কোম্পানিটোৰ ফ’ন নম্বৰ আৰু নামফলক আঁৰি দিয়াৰ বাবে ব্যৱসায়ীসকলে আহ্বান জনাইছে। ‘যাতে এন ই চিয়ে দিয়া মাংস বেয়া হ’লে গ্ৰাহকে উক্ত নম্বৰত অভিযোগ দাখিল কৰিব পাৰে,’ উপায়্হীন ব্যৱসায়ীৰ পৌৰ নিগমলৈ আহ্বান।

সংগঠনটোৰ অন্তৰ্ভুক্ত গুৱাহাটীৰ প্ৰায় ২০০ গৰাকী ছাগলী মাংস ব্যৱসায়ীয়ে পৌৰ নিগমৰ নিৰ্দেশ মানি প্ৰতিটো ছাগলীত ১২৫ টকাকৈ আদায় দি ছয়মাইলত থকা এন ই চিৰ কচাইখানাত ছাগলী কটোৱাইছিল।

কিন্তু ব্যৱসায়ীসকলৰ অভিযোগ মতে ছাগলী কটাৰ সময়ত কচাইসকলক তাত উপস্থিত থাকিবলৈ দিয়া নহয় আৰু কটা মাংস ৮ ঘণ্টাৰ পিছতহে ব্যৱসায়ীসকলক যোগান ধৰা হয়। ফলত ব্যৱসায়ীসকলে গ্ৰাহকক সতেজ মাংস বিক্ৰী কৰিব নোৱৰা বুলি অভিযোগ কৰি সংগঠনটোৱে আশংকা কৰে ‘আমাৰ ছাগলীৰ সালসলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।’

আনহাতে এন ই চিৰ মাংস বিক্ৰী নকৰিলে গুৱাহাটী পৌৰ নিগমে ‘ব্যৱসায় বন্ধ কৰি দিয়াৰ ভাবুকি’ দিয়া বুলি ভয়ংকৰ অভিযোগ তুলি যোৱা ৩ মাহ ধৰি মাংসৰ দোকাসমূহৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণ বন্ধ কৰি ৰখা বুলিও সংগঠনটোৱে অভিযোগ কৰে। পৌৰ নিগমে ‘বিগত তিনিমাহ ধৰি মাংসৰ ব্যৱসায়ীসকলৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ নৱীকৰণ বন্ধ কৰি ৰাখিছে,’ অভিযোগ সংগঠনটোৰ।

পৌৰ নিগমৰ ভাবুকি আৰু গ্ৰাহকৰ ৰোষৰ পৰা বাচি দুয়োকুল ৰক্ষা কৰাৰ বাবে উপায়হীন ব্যৱসায়ীসকলে এতিয়া ‘ব্যৱসায়ী সন্থাই ক্ৰয় কৰা ছাগলীৰ মাংস আৰু এন ই চিয়ে যোগান ধৰা মাংস দুটা ভাগত ভগাই নিৰ্দিষ্ট ছাইনব’ৰ্ড লগাই বিক্ৰীৰ ব্যৱস্থা কৰাৰ’ বাবে পৌৰ নিগমক দাবী জনাইছে।

অনুজ্ঞাপত্ৰৰ নৱীকৰণ বন্ধ ৰাখি পুনৰ পৌৰ নিগমেই আহি ‘অনুজ্ঞাপত্ৰ নথকাৰ দোহাই দি মাংসৰ দোকান বন্ধ কৰিলে গণতান্ত্ৰিক আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ম’ বুলিও হুংকাৰ দিছে ব্যৱসায়ীসকলে।

গুৱাহাটী পৌৰ নিগমেই কচাইসকলক এই খোৱাৰ অনুপযোগী মাংস বেচিবৰ বাবে বাধ্য কৰিছে। ‘গুৱাহাটী পৌৰ নিগমে এন ই চি ফুড প্ৰ’ছেছিং প্ৰাইভেট লিমিটেডে যোগান ধৰা খোৱাৰ অনুপযোগী ছাগলীৰ মাংস বিক্ৰীৰ বাবে বাধ্য কৰিবৰ বাবে চেষ্টা কৰিছে,’ অভিযোগ গ্ৰে’টাৰ গুৱাহাটী কুৰেছি মীট এছছিয়ে’শ্যনৰ।

গুৱাহাটী পৌৰ নিগম আৰু অসম পশুধন বিভাগে ছাগলী মাংস যোগনীয়া কোম্পানিটোৰ লগ হৈ ক্ষুদ্ৰ মাংস ব্যৱসায়ীসকলৰ ব্যৱসায় বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ তুলি দাবীসমূহ মানি নল’লে ‘ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ’ম’ বুলিও সংগঠনটোৱে ঘোষণা কৰিছে।