প্ৰথম দিনটোতে দুপৰীয়ালৈকে এজনো বিষয়ববীয়া নাহিল অসম চুক্তি ৰূপায়ণ বিভাগৰ স্থায়ী কাৰ্য্যালয়লৈ

অসম আন্দোলনৰ চহিদসকলক স্মৰণ কৰি কালিৰ দিনটোত দল-সংগঠনে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে অসম চৰকাৰেও এই গুৰুত্বপূৰ্ণ দিনটোতে খানাপাৰাত অসম চুক্তি ৰূপায়ণ বিভাগৰ এটা স্থায়ী কাৰ্য্যালয় মুকলি কৰে। অসম চুক্তি ৰূপায়ণ হোৱাৰ ৩২ বছৰৰ পিছত এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ইয়াৰ এটা তাৎপৰ্য্য আছে বুলি ক’ব পাৰি। ইমান দিনে এই বিভাগটোৰ কাম-কাজ গৃহ বিভাগৰ কাৰ্য্যালয়ৰ পৰাই চলাই থকা হৈছিল। এতিয়াৰ পৰা এই কাৰ্য্যালয়ৰ পৰাই বিভাগটোৰ বিভিন্ন কামবোৰ চোৱাচিতা কৰাৰ কথা। কিন্তু বিড়ম্বনাৰ কথাটো হ’ল কালি মাত্ৰ মুকলি কৰা এই কাৰ্য্যালয়টোত আজি দুপৰীয়া পৰ্য্যন্ত এজনো বিষয়া বা বিষয়ববীয়াক উপস্থিত হোৱা দেখা নগ’ল। ১১.৩০ বজাত nenow.in ৰ সাংবাদিক তাত উপস্থিত হৈ কেৱল পালে এজন নিৰাপত্তাৰক্ষীক। তেওঁক আন বিষয়ববীয়াৰ কথা সোধাত বা কেতিয়াৰ পৰা কাম-কাজ আৰম্ভ হ’ব বুলি সোধাত সমূলি অজ্ঞতা প্ৰকাশ কৰিলে। কেৱল চমক সৃষ্টিৰে চৰকাৰে এটা ৰাজনৈতিক মুনাফা ল’ব খুজিছে নে প্ৰকৃততেই সদিচ্ছাৰে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ লক্ষত কাম কৰিবলৈ ওলাইছে সেয়া সময়তহে গম পোৱা যাব। আনহাতে কালি অনুষ্ঠিত কাৰ্য্যালয়টো মুকলি কৰা অনুষ্ঠানৰ বিভিন্ন পেলনীয়া বস্তু-আৱৰ্জনাৰে কাৰ্য্যালয়ৰ চৌপাশ বিশৃংখল হৈহে আছিল। চৰকাৰৰ পৰা স্বচ্ছ ভাৰতৰ শ্ল’গান সাধাৰণ মানুহৰ মাজলৈ নিবলৈ চেষ্টা কৰি থকাৰ সময়তে এটা চৰকাৰী কাৰ্য্যালয় তথা চৰকাৰী অনুষ্ঠানৰ এই অশৃংখলিত ৰূপ সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকে।