প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্লোগানৰ বাবেই বিজেপিত যোগদান কৰিছে মেঘালয়ৰ প্ৰাক্তন কংগ্ৰেছ বিধায়কঃ ৰাম মাধৱ

মেঘালয়ৰ চাৰিজন কংগ্ৰেছ বিধায়কে ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়া কাৰ্যক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে সম্পূৰ্ণ কৃতিত্ব প্ৰদান কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক।

উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰ ৩০ তাৰিখে মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পাঁচগৰাকীকৈ বিধায়কে বিধান সভাৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ বিপৰীতে ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ বিধায়ক ৰেমিংটন পিনগ্ৰোপ, নিৰ্দলীয় বিধায়ক ষ্টিফেনছন মুখীম আৰু হোপফুল বামনে এন পি পিত যোগদান কৰিছে। আনহাতে দল ত্যাগ কৰা কংগ্ৰেছৰ বিধায়ক কেইজন হ’ল স্নেওভালাঙ ধৰ, কামিঙৱান ইয়মবন, প্ৰেষ্ট’ন টাইনছঙ, ৰাৱেল লিংডো আৰু জ্ঞ্যাতলাঙ ধৰ।

কংগ্ৰেছৰ বিধায়ক কেইজনে এন পি পিত যোগদান কৰাৰ লগে লগে বৰ্তমান কংগ্ৰেছ চৰকাৰৰ বিধায়কৰ সংখ্যা ২৪জনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

মেঘালয় বিধান সভা নিৰ্বাচনলৈ মাজত মাথো কেইদিন মান আছে সেয়েহে অতি শীঘ্ৰে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। লক্ষণীয় যে বিজেপিয়ে গাৰো পাহাৰৰ ২৪টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ বিপৰীতে খাচী-জয়ন্তীয়া পাহাৰীয়া অঞ্চলৰ পৰা বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি জানিব পৰা গৈছে।

নেতা কৰ্মী সকলে বিজেপিত যোগদান কৰা বুলি মঙলবাৰে টুইট যোগে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে মন্তব্য কৰে।