প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অসমত অধিক

mmr-570x320

প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ৰাষ্ট্ৰীয় গড় ১৬৭ৰ বিপৰীতে অসমত এই হাৰ ৩০০। আনহাতে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ২০১৭-১৮ বৰ্ষত আৱন্টিত পুজিৰ মাত্ৰ ১৩.৫৮ শতাংশ ধন।

প্ৰসূতিৰ মৃত্যুৰ হাৰ হৈছে বছৰি প্ৰতি ১,০০,০০০ মহিলাৰ গৰ্ভধাৰণৰ সময়ৰ সমস্যা বা ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কীয় কোনো সমস্যাৰ বাবে প্ৰসূতিয়ে জন্ম দিওতে হোৱা মৃত্যুৰ হাৰ।

স্বাস্থ্য অৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে কয় যে চৰকাৰে অসমত অস্বাভাৱিকভাৱে বৰ্দ্ধিত সংখ্যা নিম্নগামী কৰাৰ দিশত প্ৰচেষ্টা অব্যাহত ৰাখিছে।

‘’প্ৰসূতিৰ মৃত্যুৰ হাৰ অতি বেছি। গোটেই ভাৰতৰ বৰ্তমান সামগ্ৰিক গড় ১৬৭ ৰ বিপৰীতে ইয়াৰ গড় হাৰ ৩০০। তালিকাৰ ই একেবাৰে তলৰ স্থানত আছে। চাৰি বছৰ আগতে অসমত এই হাৰ আছিল ৩৮৩ আৰু ২০০২ আছিল ৪৪৭,’’-চৌবে জানিবলৈ দিয়ে।

কেন্দ্ৰই অসমৰ বহুকেইখন জিলাত ক্ষিপ্ৰতাৰে চিটাকৰণ আৰু আন চিকিৎসা অভিযান চলাই আছে। ‘ইন্দ্ৰধনুষ অভিযান’ৰ অধীনত নগাঁও, ধুবুৰী, গোৱালপাৰা, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু চিৰঙত এই অভিযান চলাই থকা হৈছে।

অশ্বিনী কুমাৰ চৌবেই কয় যে কেচুৱাৰ মৃত্যুৰ হাৰো (এবছৰৰ তলৰ জন্মলাভ কৰা প্ৰতি ১,০০০ শিশুৰ ভিতৰত মৃত্যুৰ হাৰ) অসমত অধিক। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় ৩৭ ৰ বিপৰীতে অসমত এই সংখ্যা ৪৪ গৰাকী।

তেওঁ কয় যে কেন্দ্ৰই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ২০১৭-১৮ বৰ্ষৰ বাবে অসমক ১,০৫৬.২৫ কোটি টকা আৱন্টন দিছে।

‘’ইয়াৰ ভিতৰত আমি ৫১৪.৮১ কোটি টকা মুকলি কৰি দিছো। ইয়াত ৰাজ্যৰ অংশ হৈছে ৩৫ কোটি টকা। আমাৰ তথ্য অনুসৰি ৰাজ্য চৰকাৰে এতিয়ালৈ ১৪৩.৪২ কোটি টকা খৰচ কৰিছে।‘’ তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্যখনত  ৮১ খন বিভিন্ন আঁচনিৰ কাম চলি আছে।

ৰাজ্যখনত চিকিৎসকৰ সংখ্যাও অতি পুতৌজনক। ইয়াত প্ৰতি ৩,০০০ লোকৰ বিপৰীতে এগৰাকী চিকিৎসক আছে।

‘’বিশ্ব স্বাস্থ্য সংস্থাৰ মান অনুসৰি প্ৰতি ১,০০০ গৰাকী লোকৰ বিপৰীতে এগৰাকী চিকিৎসক থাকিব লাগে। এইক্ষেত্ৰত দেশৰ গড় হৈছে ১,৫৯২ গৰাকী লোকৰ বিপৰীতে এগৰাকী চিকিৎসক। উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থা অতি পুতৌজনক,’’-তেওঁ কয়।

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৪,০০০ লোকৰ বিপৰীতে মাত্ৰ এজন চিকিৎসক আছে বুলি চৌবে জানিবলৈ দিয়ে।